নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনা-ৰ অৱসৰী শিক্ষয়িত্ৰী দুৰ্গাৱতী দত্ত মজিন্দাৰৰ বিয়োগ

সুদীৰ্ঘকাল শিক্ষকতা কৰি হাজাৰ ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাই ২০২১ চনত প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰে

ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত জিয়ামৰীয়া গাঁ‌ও নিৱাসী তথা ৩১নং কপহুৱা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী, সমাজসেৱিকা দুৰ্গাৱতী দত্ত মজিন্দাৰ (৮৪) মঙ্গলবাৰে নিশা নিজ বাসগৃহত মৃত্যু হয়।

জিয়ামৰীয়া গাঁ‌ওস্থিত ৩১নং কপহুৱা প্ৰাথমিক বিদ্যালয়ত ১৯৫৫ চনত সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰি সুদীৰ্ঘকাল শিক্ষকতা কৰি হাজাৰ ছাত্ৰ-ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাই ২০২১ চনত প্ৰধান শিক্ষয়িত্ৰী হিচাপে অৱসৰ গ্ৰহণ কৰা ধৰ্মপ্ৰাণ মহিলা দুৰ্গাৱতী দত্ত মজিন্দাই অঞ্চলটোৰ এগৰাকী সমাজকৰ্মী হিচাপেও তেওঁ যথেষ্ট অৱদান আগবঢ়াই থৈ যায়।

মৃত্যুৰ সময়ত তেওঁ চাৰি পুত্ৰ-বোৱাৰী, এগৰাকী জীয়ৰী, নাতি-নাতিনীসহ অজস্ৰ ইষ্ট কুটুম্বক ইহসংসাৰত এৰি যায়। কৃতি শিক্ষয়িত্ৰী তথা ধৰ্মপ্ৰাণ মহিলাগৰাকীৰ বিয়োগৰ খবৰে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

নিয়মীয়া বার্তা, ঢকুৱাখনা ,১২ নৱেম্বৰ

You might also like