গুৱাহাটী-ত নতুন নিয়মেৰে ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচ
অসমত সোনকালে সূৰ্য্যোদয় আৰু সোনকালে সূৰ্যাস্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই নিয়ম প্ৰযোজ্য হ’ব।
গুৱাহাটী-ৰ বৰ্ষাপাৰাত হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট মেচখনত নতুন সময়সূচী আৰু নিয়ম প্ৰয়োগ হ’ব। অসমত সোনকালে সূৰ্যোদয় আৰু সূৰ্যাস্ত হোৱাৰ কথা মনত ৰাখি এই পৰিৱৰ্তন আনা হৈছে।
নতুন নিয়ম অনুসৰি, টেষ্ট মেচখন আৰম্ভ হ’ব পুৱা ৯ বজাত, যিটো সাধাৰণ সূচীৰ তুলনাত ৩০ মিনিট আগতে। ইয়াৰোপৰি, TEA BREAK আৰু LUNCH BREAK-ৰ সময়সূচীও সলনি কৰা হৈছে।
- TEA BREAK : পুৱা প্ৰায় ১১ বজাত
- LUNCH BREAK : দুপৰীয়া ১:২০ বজাত
এই নতুন ব্যৱস্থাপনা প্ৰথমবাৰৰ বাবে গুৱাহাটী টেষ্টত প্ৰয়োগ হ’ব বুলি BCCI-ৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। খেলখনৰ সময়সূচী সলনি কৰাৰ মূল উদ্দেশ্য হৈছে দিনৰ আলোকৰ সৰ্বোত্তম ব্যৱহাৰ আৰু খেলৰ অন্তিম পৰ্যায়ত আন্ধাৰৰ প্ৰভাৱ হ্ৰাস কৰা।
গুৱাহাটীৰ জনতাই প্ৰথমবাৰৰ বাবে এই ধৰণৰ সময়সূচীৰ টেষ্ট মেচ উপভোগ কৰিব পাৰে। ক্রিকেট প্ৰেমীসকলৰ মাজত এতিয়াই উত্তেজনা চৰম সীমাত উপনীত হৈছে।
ডিজিটেল ডেস্ক, ১২ নৱেম্বৰ