নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত মন্ত্ৰী মণ্ডলৰ বৈঠক; ল’লে এইসমূহ গুৰুত্বপূৰ্ণ সিদ্ধান্ত-

নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃসোমবাৰে সন্ধিয়া জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰী মণ্ডলৰ বৈঠকত ৰাজ্যৰ ৭২ লাখ পৰিয়াললৈ বিশেষ পেকেজৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

  • বৈঠকত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে বিশেষ পেকেজ । যাৰ দ্বাৰা ৰাজ্যৰ ৭২ লাখ পৰিয়াল উপকৃত হ’ব ।
  • অহা ১ এপ্ৰিলৰ পৰা ৰাজ্যখনৰ ৫৮ লাখ পৰিয়ালে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত বিনামূলীয়া চাউল লাভ কৰিব ।
  • ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ কাৰ্ড নথকা গ্ৰামাঞ্চলৰ পাঁচ হাজাৰ জনবসতি থকা অঞ্চলতৰ ১০০ টা পৰিয়াল, ৫-১০ হাজাৰ জনবসতি থকা অঞ্চলৰ ১৫০ টা পৰিয়াল, ১০ হাজাৰৰ ওপৰত জনসংখ্যা থকা অঞ্চলৰ ২০০ পৰিয়াল, গুৱাহাটী পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডৰ ১০০ পৰিয়ালক এক হাজাৰ টকাকৈ এককালীন সাহাৰ্য ।
  • বিটিএডি, ডিমা হাছাও আৰু কাৰ্বি আংলং সস্বায়ত্ত শাসিত পৰিষদ এলেকাত নিৰ্বাচন আয়োগৰ লগত আলোচনা মৰ্মে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা কাৰ্ড নথকা প্ৰতিটো পৰিয়ালক এক হাজাৰ টকাকৈ প্ৰদানৰ সিদ্ধান্ত
  • ৰাজ্যখনত সম্ভাৱ্য বানপানীৰ প্ৰতি লক্ষ্য ৰাখি অহা ১ এপ্ৰিলৰ পৰা মথাউৰি মেৰামতি আৰু নিৰ্মাণৰ কাম আৰম্ভ কৰা হ’ব ।
  • অসমত গৃহ আু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদত পঞ্জী.নভুক্ত প্ৰায় ৭.৭৮ লাখ শ্ৰমিকক ১ হাজাৰ টকাকৈ এখকালীন সাহাৰ্য আগবঢ়োৱা হ’ব ।
  • অহা ১ এপ্ৰিলৰ পৰা চাহ বাগিচাসমূহত জিলা উপায়ুক্তৰ অুমোদন সাপেক্ষে তথা স্বাস্থ্য বিবাগে জাৰি কৰা নিৰ্দেশাৱলী মানি চলি কেচাপাত উঠোৱা তথা অন্যান্য কাৰ্য চলোৱাৰ বাবে অনুমতি প্ৰদান ।
  • উপায়ুক্তৰ অনুমোদন সাপাক্ষে তথা স্বাস্থ্য বিভাগে জাৰি কৰা নিৰ্দেশাৱলী মানি জিলাত থকা খাদ্য উদ্যোগ যেনে- ধান, মাহ, আটা, বিস্কুট ফেক্টৰী ইত্যাদি খোলাৰ বাবে অনুমতি প্ৰদান কৰা হ’ব ।
  • ১ এপ্ৰিলৰ পৰা কৃষকসকলে স্বাস্থ্য সন্মত নিৰ্দেশনা মানি কৃষি কাৰ্য আৰম্ভ কৰিব পাৰিব ।
  • শ্ৰীৰামপুৰ গেটত আৱদ্ধ হৈ থকা ৰাজ্যখনৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, পশুখাদ্য কঢ়িওৱা ট্ৰাকসমূহক ১ এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে ।
You might also like