বিশেষ বাৰ্তা, নলবাৰী, ১৪ নৱেম্বৰ : ৰাস মহোৎসৱৰ ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজতে আজি নলবাৰীৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এক দম্পতী থিতাতে নিহত হোৱাৰ লগতে এটি শিশু গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’ব লগা হয়। নিহত ব্যক্তি দুগৰাকী গোসাঁইগাঁও টাউনৰ সমীপৰ দলগাঁৱৰ পৰাণ ৰয় (২৬) আৰু তেওঁৰ পত্নী ইছা সিং (২৪)। নিহত দম্পতীটোৰ চাৰি বছৰীয়া পুত্ৰ সন্তান দ্বীপ ৰয় সম্প্ৰতি সংকটজনক অৱস্থাত আই চি ইউত চিকিৎসাধীন হৈ আছে।
জানিব পৰা মতে, আজি পুৱা ১০.৩০ বজাত গুৱাহাটী দিশৰ পৰা নিজৰ সন্তানটোক লৈ পিতৃ-মাতৃহালে এ এছ-০১ জি জে-১৮৩১ নম্বৰৰ বাইকেৰে আহি থকা অৱস্থাত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰসৰকুছিত থকা হোটেল বৰদৈচিলাৰ সন্মুখত পথত ৰৈ থকা ২৫ ডি আই ২১- ৪৬৫০ এক্স নম্বৰৰ এয়াৰ ফ’ৰ্চৰ ট্ৰাক এখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ভয়ংকৰ পথ দুৰ্ঘটনাটিত লগে লগে শোকাৱহ মৃত্যুক আঁকোৱালি লয় দম্পতীটোৱে। পিছত স্থানীয় নলবাৰী সদৰ থানাৰ আৰক্ষীৰ লগতে যান-বাহন আৰক্ষীৰ এটা দলে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ নিহত দম্পতীৰ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।