নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰৰ হতুৱাই নিজৰ বাইক পৰিষ্কাৰ কৰায় শিক্ষকে…

ডিজিটেল ডেস্ক, ১৫ নৱেম্বৰ : বিদ্যালয়ত অধ্যয়ন কৰিবলৈ যোৱা শিশু ছাত্ৰৰ হতুৱাই নিজৰ মটৰ চাইকেল পৰিষ্কাৰ কৰায় এজন শিক্ষকে। এদিন দুদিন নহয়, প্ৰায়েই নিজৰ লেতেৰা মটৰ চাইকেলখন পৰিষ্কাৰ কৰোৱায় শিশু ছাত্ৰৰ হতুৱাই। এই ঘটনা ঘটিছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ১১৬১/২নং মাজৰচৰ প্ৰাথমিক বিদ্যালয়ত।

বিদ্যালয়খনৰ শিক্ষক বিজয় কৰ্মকাৰে বিদ্যালয়লৈ গৈয়েই এনেদৰে শিশু ছাত্ৰক নিজৰ লেতেৰা মটৰ চাইকেলখন ধুই দিবলৈ লগায় ৷ বিদ্যালয়খনত ক্লাছ চলি থকা সময়ত ছাত্ৰ-ছাত্ৰীক পাঠদান দিয়াৰ সলনি প্ৰায়েই এনে কাম কৰোৱাৰ অভিযোগ উত্থাপন হৈছে শিক্ষকজনৰ বিৰুদ্ধে৷

শিক্ষকজনৰ এনে কৰ্মকাণ্ডত অতিষ্ঠ হৈ এগৰাকী সচেতন ব্যক্তিয়ে সমগ্ৰ দৃশ্য ম’বাইলত বন্দী কৰি আন একাংশ অভিভাৱকক দেখুওৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মাজৰচৰ গাঁৱত। আনকি শিক্ষক বিজয় কৰ্মকাৰক সাংবাদিকে এই সন্দৰ্ভত সুধিবলৈ যোৱাত তেওঁ বিভিন্ন অজুহাত দেখুওৱাৰ লগতে নিজৰে বাইক বুলি কৈ ৰহস্যজনকভাৱে সাংবাদিকক কাৰ্যালয়ৰ ভিতৰলৈ আহিবলৈ কৈ আঁতৰি যায়৷

শিক্ষক বিজয় কৰ্মকাৰৰ এনে অমানৱীয় কৰ্মকাণ্ডৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সচেতন ৰাইজে৷

You might also like