নিয়মীয়া বাৰ্তা, বিলাসীপাৰা, ১৫ নৱেম্বৰ : দেশৰ জনজাতিসকলৰ স্বাভিমান ৰক্ষা তথা সমাজ সংস্কাৰক, ত্যাগৰ প্ৰতীক, বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ আজি ১৫০সংখ্যক জন্ম জয়ন্তী দিৱস। দিৱসটি দেশৰ ভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাতো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়।
বিজেপিৰ বিলাসীপাৰা জিলা সমিতিৰ স্থায়ী কাৰ্যালয়ত দলীয় কাৰ্যকৰ্তাসকলে দিৱসটি পালন কৰে। দিৱসটিৰ লগত সংগতি ৰাখি বীৰ শ্বহীদজনৰ প্ৰতিকৃতিত মাল্যাৰ্পণ, বন্তি প্ৰজ্বলন কৰে অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক ড° অশোক কুমাৰ সিংহীয়ে। পুষ্পাঞ্জলি নিবেদন কৰে অসম ৰাজ্যিক বিজেপিৰ সম্পাদিকা মনালিছা কোচে। ইয়াৰ পিছতে উপস্থিত সকলো কৰ্মকৰ্তাই বীৰ শ্বহীদজনাক পুষ্পাঞ্জলি নিবেদন কৰি স্মৰণ কৰে।
অনুষ্ঠানটোত বিলাসীপাৰা জিলা বিজেপিৰ সভাপতি দেৱজিত বৰকলিতাৰ পৌৰোহিত্যত এখন মনোজ্ঞ সভা অনুষ্ঠিত হয়। জিলা সম্পাদক দীপেশ দাসে আঁত ধৰা সভাত ড° সিংহী আৰু ৰাজ্যিক সম্পাদিকা মনালিছা কোচে বীৰ শ্বহীদজনাৰ ত্যাগ আৰু জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰি মনোজ্ঞ আলোচনা আগবঢ়ায়। বক্তাদ্বয়ে স্বাধীনতা সংগ্ৰামীজনৰ আদৰ্শৰে বিশেষভাৱে নৱপ্ৰজন্মক দীক্ষিত কৰি তোলাৰ পোষকতা কৰে। সভাত বিলাসীপাৰা জিলা বিজেপিৰ অ’বিচি মৰ্চাৰ সভাপতি প্ৰদীপ ঘোষ, জিলা সাধাৰণ সম্পাদক ৰমেশ ৰায়, সামাজিক মাধ্যমৰ জিলা আহ্বায়ক দেৱেশ ৰায়ৰ লগতে জিলা, মণ্ডল আৰু মৰ্চাৰ বিষয়ববীয়া, কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে।