নিউজ ডেস্ক, ১৬ নৱেম্বৰ : নির্বাচনী যুঁজত ব্যর্থতাৰ ধাৰাবাহিকতাই জোকাৰি গৈছে সর্বভাৰতীয় কংগ্রেছ কমিটী (এআইচিচি)ৰ অভ্যন্তৰ৷ বিশেষকৈ বিহাৰৰ দৰে গুৰুত্বপূর্ণ ৰাজ্য এখনত শোচনীয়ভাৱে বিপর্যয়ৰ সন্মুখীন হোৱাৰ পাছতে কংগ্রেছত মুকলি বিদ্রোহৰ উকমুকনি ঘটিছে৷ ৬১টা বিধানসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি মাত্র ৬টাতহে জয়ৰ মুখ দেখাৰ দৰে হতাশজনক ফলাফলক লৈ একাংশ নেতাই আত্মপক্ষ সমর্থন কৰাৰ বিপৰীতে আন একাংশই নিজ দলৰেই শীর্ষ নেতৃত্বক দোষাৰোপ কৰি ব্যক্ত কৰিছে অসন্তুষ্টি৷ কার্যতঃ ইয়াৰ লগে লগে বিহাৰত পৰাজয়ক কেন্দ্র কৰি দলৰ ভিতৰচ’ৰাত আৰম্ভ হোৱা অসন্তোষ–বিশৃংখলতা প্রকাশ্যে উন্মোচিত হৈছে৷
অসন্তুষ্ট নেতাসকলে প্রার্থিত্ব প্রদানৰ পৰা আৰম্ভ কৰি নির্বাচনী ৰণকৌশল নির্ধাৰণ পর্যন্ত কেতবোৰ প্রশ্ণ উত্থাপন কৰিছে ৷ অকল সেয়াই নহয়, শীর্ষ নেতৃত্বৰ বিৰুদ্ধে তেওঁলোক একপ্রকাৰ সমালোচনাত সৰৱ হৈ পৰিছে৷ বিহাৰ প্রদেশ কংগ্রেছৰ প্রাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অখিলেশ প্রসাদ সিঙে পৰাজয়ৰ কাৰণে প্রত্যক্ষভাৱে জগৰীয়া কৰিছে মগধভূমিত দলৰ দায়িত্বত থকা কৃষ্ণ আল্লাভাৰুক৷ একে সময়তে মিত্রদল আৰজেডিৰ নেতা সঞ্জয় যাদৱকো তেওঁ তীক্ষ্ণ সমালোচনা কৰে৷ জ্যেষ্ঠ কংগ্রেছ নেতাজনে এতিয়া বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতাৰ কেনে পালে বুলি নেতৃত্বলৈ প্রশ্ণ উত্থাপন কৰি কয় যে স্থানীয় জ্যেষ্ঠ নেতাসকলক আঁতৰাই ৰাখি বহিৰাগতক বিহাৰ কংগ্রেছ চুক্তিত দিয়া হৈছিল৷ আওপকীয়াকৈ নেতৃত্বক সমালোচনা কৰা অসন্তুষ্ট কংগ্রেছ নেতাসকলৰ ভিতৰত আছে শশী থাৰুৰো৷ বিগত সময়ছোৱাত নিজস্ব স্থিতি প্রদর্শনেৰে দলীয় নেতৃত্বৰ বিপৰীতে অৱস্থান গ্রহণ কৰা শশী থাৰুৰে বিহাৰত কংগ্রেছৰ পৰাজয়ৰ কাৰণে পুংখানুপুংখ আত্মসমালোচনাৰ দাবী উত্থাপন কৰিছে৷
তেওঁ কয়– আমাৰ ভুলসমূহ কৌশলগত, বার্তা প্রেৰণমূলক বা সাংগঠনিক আছিল নে নাই, সেয়া আমি পৰীক্ষা কৰিব লাগিব৷ শশী থাৰুৰৰ এনেধৰণৰ তাৎপর্যপূর্ণ মন্তব্য স্বাভাৱিকতে যথেষ্ট গুৰুত্বপূর্ণ ৰূপে চিহ্ণিত হৈছে৷ কিয়নো তেওঁ ৰাহুল গান্ধীৰ শিবিৰক প্রত্যাহ্বান জনাই এআইচিচিৰ সভাপতি পদৰ কাৰণে প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ তদুপৰি পূর্বে উল্লেখ কৰি অহা হৈছে যে শশী থাৰুৰে দলৰ ভিতৰত থাকি এক ভিন্ন মতাদর্শক প্রতিনিধিত্ব কৰে৷ বিহাৰ বিধানসভা নির্বাচনত মুখথেকেচা খোৱাৰ পিছত কংগ্রেছত উদ্ভৱ হোৱা অসন্তুষ্টি কেৱল এখন ৰাজ্যতে সীমাবদ্ধ হৈ থকা নাই৷
আন এজন জ্যেষ্ঠ কংগ্রেছ নেতা কৃপানন্দ পাঠকে নিজৰ মত ব্যক্ত কৰি স্পষ্টভাৱে কয় যে বিহাৰত দায়িত্বত নিয়োজিত ব্যক্তিসকলে সঠিক তথ্য নিদিয়ে৷ যদি এই ব্যৱস্থাৰ সংশোধন কৰা নহয়, তেন্তে দলত এক গুৰুতৰ সংকটৰ সৃষ্টি হ’ব৷ প্রাক্তন ৰাজ্যপাল নিখিল কুমাৰে দলৰ সাংগঠনিক দুর্বলতাক বিহাৰত পৰাজয়ৰ প্রধান কাৰণ হিচাপে বিশ্লেষণ কৰিছে৷ এই প্রসংগত আটাইতকৈ গুৰুত্বপূর্ণ মন্তব্য কৰিছে গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠৰূপে পৰিচিত আহমদ পেটেলৰ কন্যা মমতাজ পেটেলে৷ তেওঁ শীর্ষ নেতৃত্বক কটাক্ষ কৰি কয় যে চন্দ্রৰ হাতত ক্ষমতা কেন্দ্রীভূত হ’লে ধাৰাবাহিক ব্যর্থতাৰ সন্মুখীন হ’বই লাগিব৷
লক্ষণীয়ভাৱে কংগ্রেছত পৰস্পৰবিৰোধী বক্তব্যৰ দীর্ঘ ইতিহাস আছে৷ এফালে যদি একাংশই দলৰ নেতৃত্বৰ প্রতি আস্থা প্রদর্শন কৰে, আনফালে বিভিন্ন নেতাই প্রকাশ্যে নিজৰ নিজৰ অসন্তুষ্টি ব্যক্ত কৰি বিদ্রোহী হৈ উঠে৷ এনে দ্বন্দ্বই দলৰ দুর্বল আভ্যন্তৰীণ গণতন্ত্র আৰু নেতৃত্বৰ প্রতি ক্রমবর্ধমান অসন্তোষকে প্রতিফলিত কৰে৷ বিগত কেইটামান বছৰত মুকলিকৈ কেইবাজনো শীর্ষ নেতাই কংগ্রেছৰ নেতৃত্বৰ প্রতি ক্ষোভ ব্যক্ত কৰিছিল৷ এইসকল নেতা জি–২৩ গ্রুপ হিচাপে পৰিচিত৷ য’ত আছে প্রাক্তন কেন্দ্রীয় মন্ত্রী কপিল ছিবাল, আনন্দ শর্মা, মনীষ তিৱাৰী, ভূপেন্দ্র সিং হুদা, প্রাক্তন সাংসদ ৰাজ বাব্বৰৰ দৰে জ্যেষ্ঠ নেতা৷ তেওঁলোকে দলত সাংগঠনিক সংস্কাৰ তথা আভ্যন্তৰীণ গণতন্ত্রক শক্তিশালী কৰা, নির্বাচনী পৰাজয়ৰ পাছত জ্যেষ্ঠসকলক জবাবদিহি কৰাৰ বাবে দলক সুযোগ দিয়া আদিৰ দৰে দাবী উত্থাপন কৰিছিল৷ এনে দাবীসমূহ বিবেচনা কৰি শীর্ষ নেতৃত্বই কিছু সাংগঠনিক সমন্বয়ৰ সংশোধন কৰিলেও বাস্তৱ সংস্কাৰৰ ক্ষেত্রত কোনোধৰণৰ সুনির্দিষ্ট পদক্ষেপ গ্রহণ কৰা পৰিলক্ষিত নহ’ল৷ এনে পৰিপ্রেক্ষিতত বিহাৰ বিধানসভা নির্বাচনত শোচনীয় পৰাজয়ৰ লগে লগে একেবোৰ প্রশ্ণই পুনৰ উত্থাপন হৈছে দলৰ ভিতৰচ’ৰাত৷ সমান্তৰালভাৱে অসন্তোষে মুকলি বিদ্রোহৰ উক্মুকনি ঘটাইছে৷
প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে পৰহি বিহাৰ বিধানসভা নির্বাচনৰ ফলাফলৰ পাছত নতুন দিল্লীস্থিত বিজেপিৰ ৰাষ্ট্রীয় কার্যালয়ৰ পৰা দলীয় নেতা–কর্মীক সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কংগ্রেছক তীক্ষ্ণ কটাক্ষ কৰি এক মন্তব্য কৰিছিল৷ তেওঁ কংগ্রেছক ‘মুছলিম লীগ মাওবাদী কংগ্রেছ’ (এমএমচি) আখ্যা দি দাবী কৰিছিল যে অনাগত সময়ত কংগ্রেছত আৰু এটা বিভাজন ঘটিব৷ সম্প্রতি কংগ্রেছৰ ভিতৰচ’ৰাত বিৰাজ কৰা পৰিস্থিতিয়ে প্রধানমন্ত্রী মোদীৰ এই দাবী বাস্তৱ হোৱাৰ সম্ভাৱনাকে প্রকট কৰি তোলে৷ কিয়নো দেশৰ প্রাচীনতম দলটো বাৰম্বাৰ নির্বাচনী ব্যর্থতাৰ সন্মুখীন হৈ অহাৰ সমান্তৰালভাৱে অসন্তোষ–অসন্তুষ্টিয়ে গা কৰি উঠাটো স্বাভাৱিক ঘটনাত পৰিণত হৈছে৷
ইফালে, খোদ দলীয় নেতাৰ মাজতে চলা এনে অৰিয়াঅৰিৰ মাজতে বিহাৰ বিধানসভা নির্বাচনত দলৰ পৰাজয়ৰ পোষ্টম’র্টেমৰ বাবে ৰাহুল গান্ধীয়ে কালি এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় এআইচিচিৰ সভাপতি মল্লিকার্জুন খার্গেৰ সৈতে৷ য’ত উপস্থিত আছিল এআইচিচিৰ সাধাৰণ সম্পাদক (সংগঠন) কে চি বেণুগোপাল, কোষাধ্যক্ষ অজয় মাকেন আৰু বিহাৰত দলৰ দায়িত্বত থকা কৃষ্ণ আল্লাভাৰু৷ মন কৰিবলগীয়া যে যোৱা ১৭ আগষ্টৰ পৰা দুসপ্তাহ ধৰি মুঠ ১,৩০০ কিলোমিটাৰ পথ পৰিক্রমা অতিক্রমি ৰাহুল গান্ধীয়ে বিহাৰত ‘ভোটাৰ অধিকাৰ যাত্রা’ কার্যসূচী ৰূপায়ণ কৰিছিল৷ প্রায় ২৫খন জিলাৰ শতাধিক বিধানসভা সমষ্টিক এই কার্যসূচীৰ জৰিয়তে সামৰি ল’লেও কংগ্রেছে আশাপ্রদ ফলাফল প্রদর্শন কৰিবলৈ সক্ষম নহ’ল৷ ‘ভোটাৰ অধিকাৰ যাত্রা’ চলালেও ৰাহুল গান্ধীক নির্বাচনৰ আগৰ দুমাহত বিহাৰত দেখা পোৱা যোৱা নাছিল৷ এই সময়ত তেওঁ আছিল দক্ষিণ আমেৰিকা ভ্রমণত৷ খোদ মহাগোটবন্ধনৰ ভিতৰচ’ৰাতে উত্থাপিত অভিযোগ অনুসৰি ৰাহুল গান্ধীৰ অনুপস্থিতিৰ পূর্ণ প্রভাৱ পৰিছে নির্বাচনত৷
বিহাৰ বিধানসভা নির্বাচনৰ ইতিহাসত ২০১০ চনৰ পাছত এইবাৰেই কংগ্রেছৰ ফলাফল আটাইতকৈ লজ্জাজনক৷ ২০১০ৰ পিছত ২০১৫ চনত দলটোৱে নিজৰ ফলাফলৰ উন্নতি ঘটাই ২৭খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ ইয়াৰ পাছত ২০২০ চনত কংগ্রেছ জয়ী হয় ১৯টা সমষ্টিত৷ কিন্তু এইবাৰ লাভ কৰিছে মাত্র ৬খন আসন৷ এআইচিচিৰ সূত্রৰ উদ্ধৃতিৰে প্রকাশিত বাতৰি অনুসৰি কালি ৰুদ্ধদ্বাৰ বৈঠকত প্রধানতঃ নির্বাচনী প্রচাৰৰ ক্ষেত্রত সমন্বয়ৰ অভাৱ আৰু গাফিলতিৰ প্রসংগক লৈ আলোচনা কৰা হয়৷ এক কথাত ক’বলৈ গ’লে- বিহাৰ বিধানসভা নির্বাচনৰ পাছত কংগ্রেছৰ শীর্ষ নেতৃত্বই দলীয় নেতাসকলৰ মাজত সমন্বয় ৰক্ষা আৰু অসন্তুষ্টি দূৰ কৰাৰ দৰে বিভিন্ন বিষয়ত বহু প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে৷