নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰ্যটন বিভাগৰ নিযুক্তি কেলেংকাৰি : দুই সহকাৰী বিষয়াক গ্ৰেপ্তাৰ

অসম পৰ্যটন বিভাগৰ বহুল চর্চিত নিযুক্তি কেলেংকাৰি ত মুখ্যমন্ত্ৰী ভিজিলেঞ্চৰ অভিযান অব্যাহত আছে। মঙলবাৰে দুজন অভিযুক্ত সহকাৰী পৰ্যটন বিষয়া প্ৰাঞ্জল বৰা আৰু অনন্যা বৰঠাকুৰক গ্ৰেপ্তাৰ কৰে ভিজিলেঞ্চে।

উল্লেখ্য যে ২০১২-১৩ বৰ্ষত সংঘটিত হৈছিল এই দুৰ্নীতি। সমকালীন পৰ্যটন বিভাগৰ সঞ্চালক মনালিছা গোস্বামীকো ইতিমধ্যে সোধা-পোছা কৰিছিল CM Vigilance-এ।

উল্লেখ্য যে অনন্যা বৰঠাকুৰ দিল্লীত কৰ্মৰত আছিল। বিপৰীতে প্ৰাঞ্জল বৰা নগাঁৱত কৰ্মৰত আছিল। দুয়োকে ইতিমধ্যে চৰকাৰে নিলম্বন কৰিছিল। ইয়াৰ পূৰ্বে দুবাৰকৈ জেৰা কৰিছিল ভিজিলেঞ্চে।

এই কেলেংকাৰিত মুঠ আঠজন অভিযুক্তৰ নাম সাঙোৰ খাইছে। প্ৰাঞ্জল আৰু অনন্যাক ধৰি ইতিমধ্যে ছজনক নিলম্বন কৰা হৈছে। তেওঁলোক ক্ৰমে হিৰণ কুমাৰ শইকীয়া, মেহজুবিন বেগম, ছাইমিন মান্নান, গৌতম গগৈ,মাধৱ দাস আৰু নয়নমণি পামেগাম।

এই গ্ৰেপ্তাৰে দহ বছৰীয়া এই কেলেংকাৰিৰ তদন্তত পুনৰ এক নতুন দিশ উন্মোচিত হোৱাৰ আশা কৰিছে ভিজিলেঞ্চে।

ডিজিটেল ডেস্ক, ১৯ নৱেম্বৰ

You might also like