নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গাঁঠিৰ ধন খৰচ কৰি হাৰ্টথ্ৰব-ৰ জন্মদিনত ৫৩ ডাল নাহৰ ৰোপণ মিছামাৰীৰ পৱিত্ৰৰ

স্কুল, কলেজ, থানা, গীৰ্জা, মন্দিৰ, মছজিদ, ৰাজহুৱা স্থান, পথৰ কাষত গছপুলি ৰোপণ

অসমৰ হিয়াৰ আমঠু, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ১৮ নৱেম্বৰৰ জন্ম দিনটোক কালি বিভিন কাৰ্যসূচীৰে উদযাপন কৰা পৰিলক্ষিত হয় ৷ প্ৰাণৰ শিল্পী গৰাকীৰ পুণ্যাত্মাৰ কাৰণে নামপ্ৰসংগ, তেওঁৰ প্ৰতিমূৰ্ত্তি স্থাপন, শিল্পী গৰাকীৰ কালজয়ী গীতৰ আধাৰত সংগীতানুষ্ঠান, শিল্পীগৰাকী ভালপোৱা নাহৰৰ দৰে মূল্যবান গছপুলি ৰোপণ, তেওঁৰ জীৱনৰ ওপৰত আধাৰিত কবিতা পাঠ ইত্যাদি ৷

অসমকে ধৰি দেশ বিদেশত প্ৰাণৰ শিল্পী গৰাকীৰ জন্ম দিনটোক ওলগ জনাই কাৰ্যসূচী গ্ৰহণ কৰাৰ দৰে শোণিতপুৰ জিলাৰ বৃহত্তৰ মিছামাৰী অঞ্চলৰ ১নং ধানমৰা গাঁৱৰ পবিত্ৰ সৰকাৰ নামৰ জুবিন অনুৰাগী যুৱকজনে ঘৰতে প্ৰাণৰ শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতে অঞ্চলটোৰ স্কুল, কলেজ, চিকিৎসালয়, আৰক্ষী থানা, ৰাজহুৱা স্থান, গীৰ্জা, মন্দিৰ, মছজিদ, চৰকাৰী-বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, পথৰ কিনাৰ আদিত গাঠিৰ ধন খৰচ কৰি প্ৰিয় শিল্পী গৰাকীৰ ৫৩ সংখ্যক জন্ম দিনত ৫৩ ডাল নাহৰগছৰ পুলি নিজে ৰোপণ কৰে লগতে পুলিবোৰ যাতে গৰু ছাগলী আদি অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে আঁৰবেৰৰ ব্যৱস্থা কৰে ৷

সমাজৰ কাৰণে অতীন্দ্ৰিয় প্ৰহৰী হিচাপে কাম কৰি অহা সৰবৰাহী যুৱক পবিত্ৰ সৰকাৰ যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এগৰাকী সঁচা অনুৰাগী সেইটো শিল্পী গৰাকী ভালপোৱা অন্যতম গছ নাহৰৰ পুলি ৰোপণ কৰা কাৰ্যই প্ৰমাণিত কৰিছে ৷

যোৱা ঊনৈছ ছেপ্টেম্বৰত প্ৰাণৰ শিল্পীগৰাকী অকাল মৃত্যুক আঁকোৱালি লোৱাৰ পাছৰে পৰা কোটি কোটি অনুৰাগীৰ দৰে জুবিন প্ৰেমী পবিত্ৰ সৰকাৰো মানসিক ভাৱে ভাগি পৰিছিল ৷ প্ৰাণৰ শিল্পী গৰাকী চিৰদিনৰ কাৰণে চকুৰ পৰা আঁতৰি যোৱাৰ পাছৰে পৰা শিল্পী গৰাকীৰ অনুৰাগী সকলে তেওঁৰ মৃত্যুৰ ন্যায় বিছাৰি সময়ে সময়ে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷

কালি ১৮ নৱেম্বৰত ৰাজ্যখনৰ উপৰি দেশ বিদেশৰ প্ৰান্তেপ্ৰান্তে প্ৰাণৰ শিল্পী গৰাকীৰ ৫৩ সংখ্যক জন্ম দিনটোক বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা পৰিলক্ষিত হয়৷ মিছামাৰীৰ জুবিন অনুৰাগী পবিত্ৰ সৰকাৰো প্ৰিয় শিল্পীগৰাকীৰ পুণ্যতিথিৰ দিনা তেওঁক স্মৰণ কৰাৰ লগতে ৫৩ডাল নাহৰগছৰ পুলি ৰোপণ কৰি অঞ্চলটোত এক অভিলেখ সৃষ্টি কৰে ৷

নিয়মীয়া বাৰ্তা, মিছামাৰী, ১৯ নৱেম্বৰ

You might also like