নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চঃ দেশজোৰা লকডাইনৰ বাবে সকলো পৰিবহণ ব্যৱস্থা ব্যাহত হোৱাত উত্তৰপ্ৰদেশৰ এজন আৰক্ষী কনিষ্টবলে গৃহৰাজ্য উত্তৰপ্ৰদেশৰ পৰা প্ৰায় ২০ ঘণ্টা খোজকাঢ়ি কৰ্মত যোগদান কৰিব লগা অৱস্থা সৃষ্টি হৈছে । জ্যেষ্ঠ আৰক্ষী বিষয়াই কনিষ্টবলজনক ঘৰতে থাকিবলৈ পৰামৰ্শ দিছিল যদিও দিগ্বিজয় শৰ্মা নামৰ ২২ বছৰীয়া যুৱকজনে উত্তৰপ্ৰদেশ পৰা ৪৫০ কিলোমিটাৰ খোজকাঢ়ি মধ্যপ্ৰদেশত নিজ কৰ্মত যোগদান কৰেগৈ ।
উল্লেখ্য যে, দিগ্বিজয় শৰ্মাই ২৫ মাৰ্চৰ পুৱা খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰি শনিবাৰে নিশা ৰাজগড়ত উপস্থিত হয় । এই যাত্ৰাকালত তেওঁ কোনোধৰণৰ আহাৰ গ্ৰহণ কৰা নাছিল যদিও কিছুসংখ্যক সামাজিক সংস্থাই তেওঁক খাদ্যৰ যোগান ধৰিছিল ।