নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাজান-ত পথ দুৰ্ঘটনাত থিতাতে নিহত গৃহৰক্ষী জোৱান

বোকাজানত আজি পুৱতিনিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ফলত এগৰাকী কৰ্মৰত গৃহৰক্ষীৰ জোৱানৰ থিতাতে মৃত্যু হয়। ঘটনাটো ঘটে বোকাজান আৰক্ষী থানাৰ সৰিয়হজানস্থিত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত, য’ত তালাচীৰ দায়িত্বত আছিল গৃহৰক্ষী জোৱানজন। নিহত গৃহৰক্ষী জোৱান হৈছে গৌতম দাসগুপ্তা।

উল্লেখ্য যে ডিমাপুৰ দিশৰ পৰা অহা NL-07-CD-5866 নম্বৰৰ তীব্ৰবেগী মাৰুতি জীপছী এখনে জোৱানজনক ভয়াৱহভাৱে খুন্দিয়ায়। ফলত থিতাতে গৌতম দাসগুপ্তাই ঘটনাস্থলীত প্ৰাণ হেৰুৱায়। দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত বাহনখন ৩০০ মিটাৰ আগত এখন দলঙৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয়। পিছে চালক আৰু আন আৰোহীসকলে পলায়ন কৰিবলৈ সক্ষম হয়।

ডিজিটেল ডেস্ক, ২২ নৱেম্বৰ

You might also like