নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছেজ -ত দুই চিৰন্তন প্রতিদ্বন্দ্বী অষ্ট্রেলিয়া-ইংলেণ্ডৰ মহাৰণ

এছেজ -ত প্রথমখন টেষ্টৰ প্রথম দিনাই ১৯টাকৈ উইকেটৰ পতন

নিউজ ডেস্ক, ২২ নৱেম্বৰ : দুই চিৰন্তন প্রতিদ্বন্দ্বী অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ মাজত কালিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক এছেজ শৃংখলা৷ কালিৰে পৰা আৰম্ভ হোৱা প্রথমখন টেষ্টৰ প্রথম দিনাই পতন ঘটে ১৯টাকৈ উইকেটৰ৷ সুদীর্ঘ ১১৬ বছৰৰ পিছত এছেজৰ প্রথম টেষ্টৰ প্রথম দিনা সর্বাধিক ১৯টা উইকেটৰ পতন ঘটে৷ ১৯০৯ চনত অ’ল্ড ট্রেফ’ৰ্ডত অনুষ্ঠিত এছেজৰ প্রথমখন টেষ্টৰ প্রথম দিনা ১৮টাকৈ উইকেটৰ পতন ঘটিছিল৷

উল্লেখ্য যে বেটাৰৰ বধ্যভূমিত পৰিণত হোৱা কালিৰ পৰা আৰম্ভ হোৱা টেষ্টখনত টছত জয়লাভ কৰি প্রথমে বেটিং কৰাৰ সিদ্ধান্ত গ্রহণ কৰে ইংলেণ্ডে৷ মিচেল ষ্টার্কৰ বিধ্বংসী বলিঙৰ সন্মুখত বেটিং বিপর্যয় হৈ ইংৰাজী বাহিনীয়ে মাত্র ১৭২ ৰানতে প্রথম ইনিংছ সামৰে৷ ইনিংছৰ প্রথম অভাৰৰ ষষ্ঠটো বলৰ পৰাই বিপর্যয়ৰ সন্মুখীন হোৱা ইংলেণ্ড দলটোৰ হৈ সর্বাধিক ৫২ ৰান কৰে হেৰী ব্রুকে৷ অ’লি প’পে ৪৬, জেমি স্মিথে ৩৩ আৰু বেন ডাকেটে ২১ ৰানৰ অৰিহণা আগবঢ়ায়৷ দলটোৰ ৭গৰাকী বেটাৰে দহকৰ ঘৰ স্পর্শ কৰাত ব্যর্থ হয়৷ অষ্ট্রেলিয়াৰ হৈ মিচেল ষ্টার্কে কেৰিয়াৰশ্রেষ্ঠ বলিং দাঙি ধৰি ৭টা উইকেট লাভ কৰাৰ লগতে নৱাগত ব্রেণ্ডন ড’গেটে দুটা আৰু কেমেৰন গ্রীনে এটা উইকেট লাভ কৰে৷

ইপিনে, প্রথম ইনিংছ মুকলি কৰিবলৈ আহি বিপর্যয়ৰ সন্মুখীন হয় ঘৰুৱা দল অষ্ট্রেলিয়াও। কালি প্রথম দিনৰ খেলৰ অন্তলৈকে কেংগাৰু বাহিনীয়ে ৯টা উইকেট হেৰুৱাই ১২৩ ৰান সংগ্রহ কৰিছে৷ দিনান্তত নাথান লিয়নে ৩ আৰু ড’গেটে কোনো ৰান নকৰাকৈ ক্রিজত থাকে৷ ঘৰুৱা দলটোৰ হৈ সর্বাধিক ২৬ ৰান কৰে এলেক্স কেৰীয়ে৷ কেমেৰন গ্রীনে ২৪, ট্রেভিছ হেডে ২১, অধিনায়ক ষ্টিভেন স্মিথে ১৭ আৰু মিচেল ষ্টার্কে ১২ ৰানৰ অৰিহণা আগবঢ়ায়৷ অষ্ট্রেলিয়াৰ এই বিপর্যয়ৰ মূলতে হ’ল ইংলেণ্ড দলটোৰ অধিনায়ক বেন ষ্ট’কছৰ বিধ্বংসী বলিং৷ ষ্ট’কছে ৫টা উইকেট লাভ কৰাৰ লগতে জ’ফ্রা আর্চাৰ আৰু ব্রাইডন কার্ছ উভয়ে দুটাকৈ উইকেট লাভ কৰে৷

You might also like