নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ নৱেম্বৰ, আঘোণ মাহৰ ৬ তাৰিখ
দেওবাৰ : তিথি–শুক্লা তৃতীয়া, নক্ষত্র : মূলা, যাত্রা : শুভ

মেষ : অশুভ ৰাহুৰ কাৰণে কর্মত পদোন্নতিৰ ক্ষেত্রত বাধা থাকিব৷ ৰাহুৰ অশুভ প্রভাৱৰ ফলত শত্রুৰ বেয়া নজৰত পৰিব পাৰে৷ পাৰিবাৰিক ক্ষেত্রত শান্তি বিঘ্ণিত হ’ব পাৰে৷ বিদ্যার্থীৰ মানসিক চঞ্চলতা বৃদ্ধি পাব৷

বৃষ : কর্মক্ষেত্রত সুখ্যাতি লাভ৷ ভাতৃৰ লগত মতৰ অমিল দেখা দিব পাৰে৷ চকুৰ সমস্যাত ভুগিব পাৰে৷ অযথা অর্থ নাশ হ’ব পাৰে৷ উচ্চশিক্ষিত বিদ্যার্থীৰ উন্নতিৰ যোগ৷

মিথুন : নিজৰ ভুলৰ কাৰণে ভাল সুযোগ হাতৰ পৰা ওলাই যাব পাৰে৷ দৈনন্দিন কাম–কাজত বাধাৰ মাজেৰে অগ্রগতি৷ আকস্মিক কোনো অপ্রীতিকৰ ঘটনাৰ সন্মুখীন হ’ব পাৰে৷

কর্কট : নিজৰ কোনোবাৰ লগত বিবাদৰ সূত্রপাত ঘটিব পাৰে৷ বুধৰ শুভ প্রভাৱৰ ফলত ব্যৱসায়–বাণিজ্যত প্রভাৱ পৰিব৷ গৃহ নির্মাণৰ পৰিকল্পনা গ্রহণ কৰিব পাৰে৷ অপবাদৰ সন্মুখীন হ’ব পাৰে৷

সিংহ : আয় উন্নতিৰ বাবে দিনটো শুভ যদিও ব্যয় বহুলতাৰ কাৰণে সঞ্চয় নহ’ব৷ বাধা–বিপত্তি থকা সত্ত্বেও লক্ষ্যত উপনীত হ’ব পাৰিব৷ কিবা কাৰণত মানসিক অশান্তিত ভুগিব পাৰে৷ প্রেমত শুভ৷

কন্যা : বুধৰ শুভ প্রভাৱত সম্পদ লাভৰ যোগ৷ কর্মসূত্রে বাহিৰলৈ যোৱাৰ যোগ৷ দাম্পত্যত সুখ আৰু শান্তি বজাই থাকিব৷ খং নিয়ন্ত্রণত ৰাখিব৷

তুলা : আর্থিক ক্ষেত্রত উন্নতিৰ যোগ৷ কিবা কাৰণত মানসিক পীড়াত ভুগিব পাৰে৷ যোগ্যতা অনুযায়ী নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ বন্ধু বিয়োগৰ যোগ৷ প্রেমত শুভ৷

বৃশ্চিক : যোগ্যতা অনুযায়ী কর্ম পৰিৱর্তনৰ যোগ আছে৷ শিক্ষকতাৰ লগত জড়িত ব্যক্তিসকলৰ শুভ বুলি ক’ব নোৱাৰি৷ ঘৰুৱা দিশত সমস্যাই দেখা দিব পাৰে৷ আর্থিক ক্ষেত্রত শুভ যদিও সঞ্চয় নহ’ব৷

ধনু : নিবনুৱাৰ কর্মলাভৰ যোগ। কর্মক্ষেত্রত বিশৃংখলাই দেখা দিব পাৰে৷ আত্মীয়ৰ কাৰণে ক্ষতি হ’ব পাৰে৷ মূৰৰ বিষত কষ্ট পাব পাৰে৷ আকস্মিকভাৱে কোনো বিতর্কত জড়িত হ’ব পাৰে৷ প্রেম আৰু দাম্পত্যত অশুভ৷

মকৰ : অন্য ব্যক্তিৰ সহায়ত উন্নতিৰ যোগ৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব যদিও আর্থিক ক্ষেত্রত তেনেকুৱা ফল নাপাব৷ সন্তানৰ কর্মপ্রাপ্তিৰ যোগ৷ শৰীৰ–স্বাস্থ্য সম্পর্কে সচেতন থাকিব৷ বিদ্যার্থীৰ শুভ৷

কুম্ভ : পৰিকল্পিত কর্মত ব্যাঘাত ঘটিব পাৰে৷ বাধা–বিপত্তি সত্ত্বেও বিদ্যার্থীৰ সাফল্য আহিব৷ যান–বাহন চলোৱাৰ পৰা সতর্ক থাকিব৷ আর্থিক ক্ষেত্রত উন্নতিৰ যোগ আছে যদিও অপ্রত্যাশিতভাৱে বাধা দেখা দিব পাৰে৷

মীন : কর্মক্ষেত্রত একাধিক সুযোগ–সুবিধা আহিব৷ গুপ্ত শত্রুৰ পৰা সতর্ক থাকিব৷ বস্তু কিনা–বেচাৰ বাবে দিনটো শুভ৷ গুৰুজনাৰ লগত কিবা কাৰণত মতানৈক্য হ’ব পাৰে৷ প্রেম আৰু দাম্পত্যত শুভ ফলদায়ক হ’ব৷

You might also like