নিয়মীয়া বাৰ্তা, পাটাছাৰকুছি, ২২ নৱেম্বৰ ∶ “ড০ ভূপেন হাজৰিকা এগৰাকী অমৃত সন্তান ৷ ভূপেনদাৰ গান আছিল একো একোটা আন্দোলন। তেওঁৰ সংগীত আছিল সংস্কৃতিৰ বাহক । চৰকাৰে ড০ হাজৰিকাৰ জন্ম শতবাৰ্ষিকী ইতিমধ্যে উদযাপন আৰম্ভ কৰিছে। জন্ম শতবাৰ্ষিকী হিচাপে মেঘালয়, অৰুণাচল আৰু কলকাতাত স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰাৰ উপৰি শংকৰদেৱ কলাক্ষেত্ৰত ড০ ভূপেন হাজৰিকাৰ স্মৃতিত এটা সংগ্ৰহালয় স্থাপন কৰিব ৷ গানৰ বাবে কেৱল সুৰৰ প্ৰয়োজন নহয় । গানত থাকিব লাগিব এক উদ্দেশ্যও ৷ ভূপেনদাৰ গানত আছে মানুহৰ যন্ত্ৰণা আৰু আশা ৷ ভূপেনদাই ১৩ বছৰ বয়সতে অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম… শীৰ্ষক গীতটোৰ জৰিয়তে বিপ্লৱী চেতনা জগাই তুলিছিল ৷ তেওঁ গীতেৰে অসম তথা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিশ্বত জিলিকি উঠিছিল ৷ চলচ্চিত্ৰৰ ক্ষেত্ৰতো ড০ ভূপেন হাজৰিকাৰ অৱদান অতুলনীয়। তেওঁৰ গানত প্ৰাণ পাইছিল অসমীয়া জনজাতিৰ প্ৰতিচ্ছবি ৷ অসমৰ বহু ঘটনাই তেওঁৰ গীতত প্ৰাণ পাই উঠিছিল ৷ তেওঁ অসমীয়াৰ অস্তিত্বৰ কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছিল ৷ ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত ড০ হাজৰিকাই গীতৰ মাজেৰে ভাৰতীয় সেনাক অনুপ্ৰেৰণা যোগাইছিল। ড০ ভূপেন হাজৰিকা আমাৰ শতিকাৰ শ্ৰেষ্ঠ পুৰুষ ৷ তেওঁ আছিল এগৰাকী শ্ৰেষ্ঠ অসমীয়া সন্তান । তেওঁৰ অপূৰ্ব সৃষ্টিৰ তুলনা নাই ৷”- এইদৰে কয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই৷
আজি বিয়লি পাটাছাৰকুছিৰ অন্যতম স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত তথা ৰাইজৰ সহযোগত ক্লাবৰ বহুমুখী আঁচনি ৰূপায়ণৰ অধীনত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতি ক্লাব তথা অঞ্চলটোৰ ৰাইজৰ শ্ৰদ্ধাৰ স্মাৰক হিচাপে পাটাছাৰকুছি পৰিদৰ্শন বঙলা চৌহদত নতুন আৰ্হিত ১৫ ফুট উচ্চতাৰ আৰু সৰ্বোচ্চ ২৭ ফুট পৰিধিৰ নিৰ্মাণ কৰা এক ব্ৰঞ্জৰ আবক্ষ মূৰ্তি বিশ্ববৰেণ্য শিল্পীগৰাকীৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰি মুখ্যমন্ত্রীগৰাকীয়ে দিয়া ভাষণত অনুৰাধা শৰ্মা পূজাৰীয়ে ড০ ভূপেন হাজৰিকাৰ জীৱন দৰ্শনৰ ওপৰত লিখা গ্ৰন্থখন অসমৰ দহ লাখ লোকৰ মাজত বিতৰণ কৰিব বুলিও কয় ৷ তেওঁ আৰু কয় যে পাটাছাৰকুছিতে শিশু কালত তেওঁ জীৱনৰ প্ৰথম ৰাজনৈতিক ভাষণ দিছিল আৰু সেই ভাষণৰ জৰিয়তে আজিৰ পৰ্যায় পাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে পাটাছাৰকুছিত এটা আধুনিক তথা উন্নত মানৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে দুই কোটি টকাৰ অনুদান দিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে ৷

এই উপলক্ষে পাটাছাৰকুছি পৰিদৰ্শন বঙলাৰ চৌহদত অনুষ্ঠিত উন্মোচনী সভাত ইয়াৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা আমিনুল হক আৰু নিতুল শর্মাৰ দ্বাৰা সম্পাদিত স্মৃতি পুস্তিকাখন উন্মোচন কৰি স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰণজিৎ কুমাৰ দাসে প্ৰাগজ্যোতি ক্লাব তথা পাটাছাৰকুছি অঞ্চলৰ ৰাইজৰ শলাগ লয় ৷ আবক্ষ মূৰ্তি উন্মোচনী পৰিচালনা সমিতিৰ সভাপতি নিতুল শৰ্মাই আঁত ধৰা সভাখনত ক্লাবৰ সভাপতি ৰফিকুল হকে আদৰণী ভাষণ ৰাখে আৰু বিশিষ্ট সমাজকৰ্মী মুনীন্দ্র নাৰায়ণ গোস্বামীয়ে বন্তি প্ৰজ্জ্বলন কৰে৷ সভাৰ আৰম্ভণিতে এশগৰাকী মহিলাই “জিলিকাব লুইতৰে পাৰ” শীৰ্ষক সমৱেত সংগীত পৰিৱেশন কৰে৷ মূৰ্তি উন্মোচনৰ পূৰ্বে পুৱা ক্লাবৰ সভাপতি ৰফিকুল হকে ক্লাবৰ পতাকা উত্তোলন কৰাৰ পিছতে বহুকেইগৰাকী বিশিষ্ট লোকৰ দ্বাৰা গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ মূৰ্তি উন্মোচনৰ পিছতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আবক্ষ মূর্তিত পুষ্পাঞ্জলি অর্পণ কৰে স্থানীয় বিধায়ক তথা অসম চৰকাৰ জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰণজিৎ কুমাৰ দাস, সুধাকণ্ঠৰ সহযোগী বাদ্যযন্ত্রী কমল কটকী, বিশিষ্ট শিল্পী সদানন্দ গগৈ, ক্লাবৰ উপদেষ্টা ড০ ৰণজিৎ ডেকা আৰু ডাঃ পুলিন শর্মাই৷