নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত চোৰাং গৰু, বাহন জব্দ, আটক দুই সৰবৰাহকাৰী

নগৰবেৰাত অবৈধ গৰু সৰবৰাহৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান। অভিযানত জব্দ গৰুভৰ্তি এখন বাহন, দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ধৃত লোক দুজন ছহিনুৰ ইছলাম আৰু ভিক্ষু শ্বেখ বুলি জানিব পৰা গৈছে।

এএছ০১-টিচি-৫৭৬৮ নম্বৰৰ টাটা মেজিক বাহনখনেৰে অবৈধভাৱে গৰু সৰবৰাহ কৰি থকা অৱস্থাতে নগৰবেৰা আৰক্ষীয়ে জব্দ কৰে গৰুভৰ্তি বাহনখন। জব্দকৃত বাহনখনৰ পৰা ৫টাকৈ গৰু উদ্ধাৰ কৰে আৰক্ষীয়ে।

নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমৰজ্যোতি দত্তৰ নেতৃত্বত নিশা চলে এই অভিযান। গ্ৰেপ্তাৰ কৰা দুই সৰবৰাহকাৰীক আজি আদালতলৈ প্ৰেৰণ কৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৫ ডিচেম্বৰ

You might also like