নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য : Lady Don গীতা পাণ্ডেক গ্ৰেপ্তাৰ

ধন দাবী, আদালত আৰু আৰক্ষীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শিলচৰৰ Lady Don গীতা পাণ্ডেক।

অভিযোগ গীতা পাণ্ডেই এটা মহিলা সংগঠন বনাই সংগঠনৰ আৰত বিভিন্ন অবৈধ বেহা আৰম্ভ কৰিছিল। বিভিন্ন লোকক বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাই ধন সংগ্ৰহ কৰি আহিছিল শিলচৰৰ lady don গীতা পাণ্ডেই।

সম্প্ৰতি দাবী কৰা ধন নিদিয়াৰ বাবে এজন শাকপাচলি ব্যবসায়ীৰ দোকান চুৰি কৰে গীতা পাণ্ডেৰ লগতে তেওঁৰ বাহিনীয়ে।

ঘটনাৰ পাছত ভুক্তভোগী লোকজনে আৰক্ষী চকীত গীতাৰ বিৰুদ্ধেৰ ৰুজু কৰে এটা গোচৰ। এই ঘটনাৰ দুদিন পাছত নিজৰ ফেচবুক লাইভত আৰক্ষী আৰু আদালতৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰে গীতা পাণ্ডেই।

ইয়াৰ পাছতে গীতা পাণ্ডেক বিচাৰি অভিযানত নামে শিলচৰ আৰক্ষী। আৰু শিলচৰৰ lady don বুলি পৰিচিত গীতা পাণ্ডেক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ডিজিটেল ডেস্ক, ৫ ডিচেম্বৰ

You might also like