নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশাখাপট্টনমত আজি ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত শৃংখলা দখলৰ যুঁজ

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : বিশাখাপট্টনমত আজি এদিনীয়া শৃংখলা দখলৰ যুঁজত নামিব ঘৰুৱা দল টীম ইণ্ডিয়া আৰু দক্ষিণ আফ্রিকা৷ দুয়ো দেশৰ মাজৰ তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ তৃতীয় তথা নির্ণায়ক মেচখন আজি বিশাখাপট্টনমত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শৃংখলাটো ১–১ত সমতা স্থাপন হৈ থকাত আজিৰ মেচখন ৰোমাঞ্চকৰ হোৱাৰ অধিক সম্ভাৱনা আছে৷

ৰায়পুৰত হৈ যোৱা দ্বিতীয়খন মেচত বৃহৎ স্ক’ৰ সংগ্রহ কৰিও পৰাজিত হোৱাত ঘৰুৱা দল টীম ইণ্ডিয়া কিছু পৰিমাণে চিন্তিত হৈ পৰিছে৷ দলটোৰ দুর্বল বলিং আৰু ফিল্ডিঙক লৈ চিন্তিত হৈ পৰা ভাৰতীয় দলটোৰ অধিনায়ক লোকেশ ৰাহুলে আজিৰ নির্ণায়ক মেচখন সন্দর্ভত কয়- প্রথম আৰু দ্বিতীয়খন মেচত বেটাৰসকলে আশানুৰূপ প্রদর্শন দাঙি ধৰিছে৷ প্রথমখন মেচত আমি বিজয় সাব্যস্ত কৰোঁ যদিও দ্বিতীয়খন মেচত বৃহৎ স্ক’ৰ কৰিও পৰাজয়ৰ গ্লানি সহিবলগীয়া হৈছে৷ ইয়াৰ মূলতেই হ’ল দুর্বল ফিল্ডিং আৰু দুর্বল বলিং৷ আশা কৰিছোঁ- সতীর্থসকলে নির্ণায়ক মেচখনত ইয়াৰ পুনৰাবৃত্তি নকৰে৷ দুই তাৰকা ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ প্রদর্শনৰ ওপৰত দলটোৰ ভাগ্য বহুখিনি নির্ভৰ কৰিব৷ জয়ছোৱাল আৰু ৰোহিতে দলক বিস্ফোৰক আৰম্ভণি দিব পাৰিব আৰু সম্প্রতি দুর্দান্ত ফর্মত থকা বিৰাট কোহলিয়ে নিৰ্ণায়ক মেচখনতো দীঘলীয়া ইনিংছ খেলিবলৈ সক্ষম হ’ব৷ আশা কৰিছোঁ- শৃংখলাটোত কাইলৈ তেওঁ শতকৰ হেটট্ৰিক অর্জন কৰিব পাৰিব৷

ইফালে, দলটোত কিছু সালসলনি হোৱাৰ ইংগিত দি অধিনায়কগৰাকীয়ে লগতে কয় যে কাইলৈৰ মূল একাদশত ঋষভ পণ্ট অথবা তিলক বার্মাই স্থান লাভ কৰাৰ সম্ভাৱনা আছে৷ ৱাশ্বিংটন সুন্দৰ মূল একাদশৰ পৰা বাহিৰ হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি ৰাহুলে লগতে কয় যে নির্ণায়ক মেচখনৰ বাবে তেওঁলোক সম্পূর্ণ সাজু৷

দুখনীয়া টেষ্ট শৃংখলাটোত ২–০ত ভাৰতীয় দলটোক পৰাস্ত কৰি ঐতিহাসিক টেষ্ট শৃংখলাটো দখল কৰাৰ পাছত এইবাৰ এদিনীয়া শৃংখলাটোও দখল কৰাৰ লক্ষ্য লৈছে টেম্বা বাভুমা নেতৃত্বাধীন দক্ষিণ আফ্রিকা দলটোৱে৷ দ্বিতীয়খন এদিনীয়াত ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰি সতীর্থসকলৰ আত্মবিশ্বাস তুংগত আছে আৰু আজিৰ নির্ণায়ক মেচখনতো সতীর্থসকলে শ্রেষ্ঠত্ব উজাৰি খেলিবলৈ সাজু বুলি মন্তব্য কৰে প্রটিয়াজ বাহিনীৰ অধিনায়কগৰাকীয়ে৷

খেলৰ সময় : দিনৰ ১.৩০ বজা৷

You might also like