অখিল গগৈৰ মন্তব্যক লৈ চাহ জনজাতিৰ প্ৰচণ্ড খং, উত্তেজনা
খঙত জাঙুৰ খাই উঠিছে চাহ বাগিচাৰ শ্রমিক–সংগঠন
দীর্ঘদিনৰ মূৰত চাহ বাগিচাৰ ৰাইজে লাভ কৰিব বাগিচাৰ লাইনৰ ভূমিপট্টা৷ ৰাজ্য চৰকাৰে ‘দ্য আছাম ফিক্সেচন অৱ চিলিং অন লেণ্ড হল্ডিংছ (এমেণ্ডমেণ্ট) বিল, ২০২৫ বিধেয়ক বিধানসভাত গৃহীত কৰি সেয়া সুনিশ্চিত কৰিছে৷
কিন্তু এনে এক যোগাত্মক বতৰাৰ মাজতে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে চৰকাৰৰ বিৰুদ্ধে কৰিছে অপপ্রচাৰ৷ যাৰ বাবে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈছে চাহ জনগোষ্ঠীয় লোকৰ লগতে বিভিন্ন দল–সংগঠন৷ চাহ জনগোষ্ঠীয় লোকসকলৰ স্পষ্ট কথা এই বিধেয়কখনে আমাৰ চাহ জনগোষ্ঠী সমাজখনৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰি এক বৈপ্লৱিক পদক্ষেপ হিচাপে স্বীকৃতি পাইছে৷
কিন্তু এই বিধেয়কখনৰ আলোচনা কালত বিধানসভাত বিধায়ক অখিল গগৈয়ে এক হুলস্থূলীয়া পৰিৱেশৰ সূচনা কৰি সদনৰ কাম–কাজত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰিছিল৷ তেওঁ সেই সময়ত বিধেয়কখনক সমর্থন বা পোনপটীয়াকৈ বিৰোধ নকৰি, কিছুমান ব্যক্তিগত বিষয় উত্থাপন কৰি এক হুলস্থূলীয়া পৰিৱেশৰ সূচনা কৰিছিল৷
বিধায়ক অখিল গগৈৰ এনে কার্যক লৈ ভিন্নজনে ভিন্ন প্রতিক্রিয়া প্রকাশ কৰিছে৷ কেইদিনমান পূর্বে নগাঁৱত অখিল গগৈ বাগিচা অঞ্চললৈ আহিলে দৌৰাই দৌৰাই খেদিম বুলিও চাহ বাগিচাৰ শ্রমিকসকলে প্রতিবাদ কৰিছিল৷
উল্লেখ্য যে ২০০ বছৰীয়া চাহৰ হতিহাসক লৈ গৌৰৱ কৰা অসমত কিন্তু চাহ বাগিচাৰ শ্রমিকসকলক দীর্ঘদিন ধৰি কেৱল শোষণেই চলাই আহিছিল৷ ব্রিটিছৰ পাছত কংগ্রেছে তিনিবাৰ চৰকাৰ গঠন কৰিছিল যদিও চাহ বাগিচাৰ ভাহ–ভনীসকলক কেৱল অৱহেলাই কৰিলে৷
২০০ বছৰত চাহ বাগিচাৰ লোকসকলে নাপালে ভূমি অধিকাৰ৷ বাগিচাৰ লোকসকলৰ ভূমি অধিকাৰ প্রদান কৰিবলৈকে এহখন চৰকাৰে ব্যৱস্থা গ্রহণ কৰিলে চলিত বিধানসভা অধিৱেশনত৷ চিলিং আইনৰ সংশোধনী বিধেয়কখন সদনত গৃহীত কৰে৷ এই যুগান্তকাৰী বিলখনক লৈ চাহ বাগিচাৰ শ্রমিকসকলৰ মাজত দেখা উৎসাহৰ মাজতে অখিল গগৈৰ এই জনগোষ্ঠীটোৰ প্রতি থকা অৱহেলাৰ বাবে ৰাজ্যত আজি বিশেষ ট্ৰেণ্ডৰ সূচনা হয়৷
সামাজিক মাধ্যমত ‘#AntiAssameseAkhil’ লিখি বিভিন্নজনে অখিল গগৈক ক্ষমা খোজাৰ দাবী উত্থাপন কৰে৷ সামাজিক মাধ্যমৰ এহ ট্ৰেণ্ডৰ পাছতে মন্ত্রী ৰূপেশ গোৱালায়ো বিষয়টোক লৈ সামাজিক মাধ্যমত দিলে বিশেষ পোষ্ট৷
তেওঁ লিখিছে– অখিল গগৈ মোৰ চাহ বাগিচাৰ ভাতৃ, ভগ্নীৰ বিৰুদ্ধে থিয় দিছে৷ অখিল যে অসমীয়াৰ বিৰুদ্ধে থাকে সেয়া ওলাই পৰিল৷ লগতে মন্ত্রী কৌশিক ৰায়েও সামাজিক মাধ্যমত বিধায়ক অখিল গগৈক উদ্দেশ্যি লিখিলে যে অখিল গগৈয়ে অসমক ভাল নাপায়৷
যাৰ বাবে চাহ বাগিচাৰ লোকসকলৰ বিৰুদ্ধে মাত মাতিছে৷ বিধায়ক পৰমানন্দ ৰাজবংশীয়েও সামাজিক মাধ্যমত এহ সংক্রান্তত পোষ্ট দি লিখিলে অখিল গগৈ অসমবিৰোধী৷ ২০০ বছৰীয়া দাসত্বৰ পৰা চাহ বাগানৰ লোকসকলক মুক্ত কৰি মাটিৰ পট্টা দিয়া হ’ব৷
গতিকে বিধায়কগৰাকীক ক্ষমা খুজিবলৈ পৰামর্শ দিলে পৰমানন্দ ৰাজবংশীয়ে৷ সেয়াই নহয়, ৰাজ্যৰ বিভিন্ন স্থানত চাহ বাগিচাৰ শ্রমিকসকলে অখিল গগৈক ক্ষমা খোজাৰ দাবী তোলাৰ লগতে অখিলৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে৷
প্রতিবাদী কার্যসূচীৰ পৰায়েই অখিল গগৈলৈ সকীয়নি চাহ বাগিচাৰ সংগঠনৰ৷ ৰাজ্য চৰকাৰে চাহ বাগিচাৰ লোকসকলৰ বাবে লৈছে মহান পদক্ষেপ৷ কিন্তু অখিল গগৈয়ে বিধানসভাত যি হুলস্থূল কৰিলে সেয়া কেতিয়াও গ্রহণযোগ্য নহয়৷ গতিকে তেওঁ অতি সোনকালে ক্ষমা খোজক৷
ডিজিটেল ডেস্ক, ৬ ডিচেম্বৰ
লগতে পঢ়ক —- টি-২০লৈ ঘূৰি আহিব হিটমেন ৰোহিত! দক্ষিণ আফ্ৰিকাৰে এদিনীয়া শৃংখলাৰ পিছতেই সুখবৰ