নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত বজাৰ-পথ ছেনিটাইজ মন্ত্ৰী ভৱেশ কলিতাৰ

লকডাউন ভংগকাৰীৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ হোৱাৰ আহ্বান

নিয়মীয়া বাৰ্তা ১ এপ্ৰিলঃ ৰঙিয়া সমষ্টিত লকডাউনৰ সময়ত নিজে বাট-পথ ছেনিটাইজ কৰিলে জলসিঞ্চন আৰু শিক্ষা বিভাগৰ ৰাজ্যিক স্বতন্ত্ৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই। অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে মন্ত্ৰী কলিতাই মঙলবাৰে দিনৰ ভাগত ৰঙিয়াৰ ডিমুত ছেনিটাইজ কৰি অঞ্চলটো বীজাণুমুক্ত কৰি তোলে। উক্ত ঠাইৰ ৰাস্তা-ঘাটৰ লগতে ঘৰ আৰু দোকানসমূহৰ সন্মুখভাগ ছেনিটাইজ কৰে।ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজখনত এনেদৰে মন্ত্ৰী কলিতাই এগৰাকী যোদ্ধা হিচাপে নিজ সমষ্টিত নামি পৰে। মন্ত্ৰী গৰাকীয়ে অগ্নিনিৰ্বাপক বাহিনীক
নিজাববীয়াকৈ ছেনিটাইজাৰৰ যোগান ধৰি সমষ্টিটোৰ গ্ৰামাঞ্চলসমূহত ছেনিটাইজ কৰিবলৈ নিৰ্দেশ দিয়ে। ডিমু আৰক্ষীয়ে সহযোগিতা আগবঢ়ায়। ইয়াৰপূৰ্বে তেওঁ ৰঙিয়া নগৰত পৌৰসভা আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত ছেনিটাইজ কৰে। আনফালে লকডাউন ভংগ কৰাসকলৰ বিৰুদ্ধে ৬ মাহ নহয় ৬ বছৰ জেল দিব লাগে বুলি মন্ত্ৰী কলিতাই মন্তব্য কৰে।

You might also like