নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপ্ৰতিৰোধ্য Ro-Ko : ODI ৰেংকিঙত দুই মহাৰথীৰ দপদপনি

দক্ষিণ আফ্ৰিকাৰ বিপক্ষে তিনিখন ODI খেলত কোহলিয়ে দুটা শতক আৰু এটা অর্ধশতকৰ সহায়ত ৩০২ ৰান কৰিছিল

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (ICC) প্ৰকাশ কৰা শেহতীয়া ৰেংকিংত বিৰাট কোহলিয়ে বৃহৎ উত্থান অৰ্জন কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিপক্ষে ODI ছিৰিজত ৩০২ ৰান কৰাৰ পিছত কোহলিয়ে এতিয়া এদিনীয়া বেটিং ৰেংকিঙত দ্বিতীয় স্থান দখল কৰিছে। ৰোহিত শর্মাই আগৰ দৰে বিশ্বৰ ১ নম্বৰ ODI বেটছমেন হৈ আছে। কে এল ৰাহুলেও বেটিং ৰেংকিঙত উল্লেখযোগ্য উন্নতি লাভ কৰিছে।

দক্ষিণ আফ্ৰিকাৰ বিপক্ষে তিনিখন ODI খেলত কোহলিয়ে দুটা শতক আৰু এটা অর্ধশতকৰ সহায়ত ৩০২ ৰান কৰিছিল। এই অসাধাৰণ প্ৰদৰ্শনৰ বাবেই তেওঁক ‘প্লেয়াৰ অফ দ্য ছিৰিজ’ৰ সন্মান দিয়া হৈছিল। এই প্ৰদৰ্শনৰ ফলত কোহলি চতুৰ্থ স্থানৰ পৰা দ্বিতীয় স্থানলৈ উঠি আহিছে। তেওঁৰ ৰেটিং পইণ্ট ৭৭৩লৈ বৃদ্ধি পাইছে। প্ৰথম স্থানত থকা ৰোহিত শর্মাৰ ৰেটিং পইণ্ট ৭৮১। দক্ষিণ আফ্ৰিকাৰ বিপক্ষে ছিৰিজত ৰোহিতে ১৪৬ ৰান কৰিছিল, যাৰ জৰিয়তে তেওঁ নিজৰ ১ নম্বৰ স্থানটি সুৰক্ষিত ৰাখিবলৈ সক্ষম হৈছে।

ODI বেটিং ৰেংকিংৰ টপ-১০ত ভাৰতৰ চাৰিজন খেলুৱৈ আছে। তেওঁলোক ক্ৰমে ৰোহিত শর্মা (১), বিৰাট কোহলি (২), শুভমন গিল (৫) আৰু শ্ৰেয়াছ আয়াৰ (১০)। ইফালে কে এল ৰাহুলে ২টা স্থান আগুৱাই ১২সংখ্যক স্থান অর্জন কৰিছে।

আনহাতে বলিং ৰেংকিং কুলদীপে তৃতীয় স্থান দখল কৰিছে। দক্ষিণ আফ্ৰিকাৰ বিপক্ষে ODI ছিৰিজত কুলদীপ যাদৱে ৯ উইকেট লৈ সম্পূৰ্ণ ছিৰিজৰ আটাইতকৈ সফল বলাৰ হৈছিল। এই প্ৰদৰ্শনে তেওঁক এদিনীয়া বলিং ৰেংকিঙত তৃতীয় স্থানলৈ উত্থান হৈছে। বলিং টপ-১০ত কুলদীপহে একমাত্ৰ ভাৰতীয় খেলুৱৈ।

ডিজিটেল ডেস্ক, ১০ ডিচেম্বৰ

You might also like