ভোলাকাটা বিলত বনৰীয়া চৰাই চিকাৰ : ৫ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ
বিশ্বনাথৰ ভোলাকাটা বিলত বনৰীয়া চৰাই চিকাৰৰ বাবে অহা ৫জন চিকাৰীক গ্ৰেপ্তাৰ কৰে বন বিভাগে। ভোলাকাটা বিলত বনৰীয়া চৰাই ধৰিবলৈ জাল পতাৰ খবৰ লাভ কৰি বিশ্বনাথ ঘাটৰ কেন্দ্ৰীয় ৰেঞ্জৰ ৰেঞ্জ বন বিষয়া আৰু বিশ্বনাথৰ অপৰাধ অনুসন্ধান ৰেঞ্জৰ বন বিষয়াৰ নেতৃত্বত যোৱা এটা দলে ঘটনাস্থলীত ৫জন ব্যক্তিক হাতে-লোটে গ্ৰেপ্তাৰ কৰে।
তেওঁলোকৰ পৰা এটা জীৱন্ত ‘কটন পিগমি গুজ’ নামৰ দুষ্প্ৰাপ্য বনৰীয়া চৰাই, এখন মাছ মৰা জাল, ২টা মোবাইল ফোন, ১টা টৰ্চ লাইট আৰু ২টা বগা বেগ জব্দ কৰে। উক্ত চৰাইটো আফগানিস্তানৰ পৰা অহা পৰিভ্ৰমী চৰাই ।
গ্ৰেপ্তাৰ কৰা ৫জন চোৰাংচিকাৰী ক্ৰমে ছাইফুল ইছলাম, আনোৱাৰ হুছেইন, তামছাৰ আলী, আবুল হুছেইন আৰু ফুকীৰ আলী ।
ডিজিটেল ডেস্ক, ১০ ডিচেম্বৰ