বোকাজানত ৰে’লৰ পৰা পৰি চিআৰপিএফ জোৱানৰ মৃত্যু
সম্পূৰ্ণ সামৰিক মৰ্য্যদাৰে শেষকৃত্য সম্পন্ন চি. আৰ.পি.এফ জোৱানৰ
সৰুপথাৰ সমজিলা পদুমণিৰ নিবাসী চি.আৰ.পি.এফ যোৱান পংকজ বৰুৱাৰ যোৱা মঙ্গলবাৰে খটখতি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজানত অৱধ আসাম ট্ৰেইনৰ পৰা পৰি থিতাতে মৃত্যু হয়। জানিব পৰা মতে কৰ্মসূত্ৰে পংকজ বৰুৱা শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ ১৪৯ নং চি.আৰ.পি.এফ বাহিনীত কৰ্মৰত আছিল যুৱকজন।
মঙলবাৰে আবেলি কৰ্মসূত্ৰে ডিফু মেডিকেল কলেজত কৰ্মৰত পত্নী আৰু সন্তানৰ ওচৰলৈ বুলি গৈছিল পংকজ। পৰিয়ালৰ লোকৰ পৰা জানিব পৰা অনুসৰি বোকাজান পোৱা পয্যন্ত ফোনযোগে পত্নীৰ লগত কথা পাতি আছিল পংকজে, কিন্তু বোকাজান পাৰ হোৱা পিছতেই ফোন অফ হৈ গৈছিল স্বামী পংকজ বৰুৱাৰ।
ডিফুলৈ গৈ থকাৰ অৱস্থাতে গাড়ীৰ পৰা পৰি মৃত্যু হোৱা পংকজ বৰুৱাৰ ক্ষত বিক্ষত অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি ৰে’ল আৰক্ষীক অৱগত কৰে ৰাইজে। ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ নিজৰ জিম্মাত লৈ ৰাতিয়ে বোকাজানলৈ লৈ আনে আৰু মৰণোত্তৰ পৰীক্ষা সম্পৰ্ণ কৰে।
জোৱানজনৰ মৃত্যুত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত। সমগ্ৰ গাঁওবাসীৰ চকুত কেৱল চকুলো। এগৰাকী জোৱানক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ কৰিলে অজস্রজনে। জোৱানজনৰ ঘৰত উপস্থিত আত্মীয়, চি.আৰ.পি.এফৰ উচ্চপদস্থ বিষয়া, স্থানীয় লোক। সকলোৰে নিগৰিছে অশ্ৰু, কান্দোনত ভাঙি পৰিছে পত্নী, সন্তানৰ লগতে সকলো আত্মীয়। বুধবাৰে নিশা পংকজ বৰুৱাক সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰে চি.আৰ.পি.এফ জোৱানসকলে। পৰিয়ালৰ লোকে এই মৃত্যু সাধাৰণ ভাবে লব পৰা নাই, সেয়েহে পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত সঠিক তদন্ত কৰিবলৈ আহ্বান জনাইছে।
নিয়মীয়া বার্তা, চুঙাজান, ১১ ডিচেম্বৰ