গৌৰীপুৰৰ অ’চিক কিয় ৰিজাৰ্ভ ক্ল’জ, তামাৰহাটত ৰাষ্ট্ৰীয় পথ অৱৰোধেৰে প্ৰতিবাদ
দেশী জনগোষ্ঠীয় নিৰ্দোষী লোকক হাৰাশাস্তি কৰাৰ বিপৰীতে গোপন বুজাবুজিৰে দোষীক ৰক্ষণাবেক্ষণ দিয়া বুলি ধুবুৰী জিলা দেশী জনগোষ্ঠী মঞ্চ, অসম দেশী যুৱ ছাত্ৰ মঞ্চ, অসমৰ ধুবুৰী জিলা সমিতিয়ে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে
ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ দাসক তাৎক্ষণিকভাবে ৰিজাৰ্ভ ক্লোছ কৰে। জানিব পৰা মতে পূৰ্বতে তামাৰহাট থানাত কৰ্তব্যৰত হৈ থকা অৱস্থাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত হৈছিল।
দেশী জনগোষ্ঠীয় নিৰ্দোষী লোকক হাৰাশাস্তি কৰাৰ বিপৰীতে গোপন বুজাবুজিৰে দোষীক ৰক্ষণাবেক্ষণ দিয়া বুলি ধুবুৰী জিলা দেশী জনগোষ্ঠী মঞ্চ, অসম দেশী যুৱ ছাত্ৰ মঞ্চ, অসমৰ ধুবুৰী জিলা সমিতিয়ে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
দল সংগঠনসমূহে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰাৰ পিছতে ধুবুৰী জিলা জেষ্ঠ্য আৰক্ষী অধীক্ষকে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিপ্ৰসাদ দাসক ৰিজাৰ্ভ ক্লজ কৰে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে প্ৰতিবাদকাৰীয়ে পাঁচটা দাবী উত্থাপন কৰে। তাৰে ভিতৰত আৰক্ষী বিষয়াগৰাকীক ৰিজাৰ্ভ ক্লজ কৰা দাবী তৎকালীনভাবে ধুবুৰী আৰক্ষী অধীক্ষকে কাৰ্যকৰী কৰে।
নিয়মীয়া বাৰ্তা, গৌৰীপুৰ, ১৩ ডিচেম্বৰ