অৱসৰপ্ৰাপ্ত বায়ুসেনাৰ বিষয়াক আটক, কিন্তু কিয়?
আৰক্ষীয়ে বিষয়টোক লৈ গভীৰ তদন্ত আৰম্ভ কৰিছে আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত সকলো দিশ খতিয়ান কৰি চাই আছে
তেজপুৰৰ পৰা এক চাঞ্চল্যকৰ খবৰ পোহৰলৈ আহিছে। আৰক্ষীয়ে পাকিস্তানৰ সৈতে জড়িত চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ অভিযোগত ভাৰতীয় বায়ুসেনাৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াক আটক কৰিছে। আটক কৰা লোকজন তেজপুৰ পতিয়া চুবুৰি নিৱাসী কুলেন্দ্ৰ শৰ্মা বুলি চিনাক্ত কৰা হৈছে।
সূত্ৰ অনুসৰি, আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই কুলেন্দ্ৰ শৰ্মাক আটক কৰে আৰু তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। অভিযোগ অনুসৰি, অৱসৰৰ পিছতো তেওঁ পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে যোগাযোগত আছিল বুলি সন্দেহ কৰা হৈছে।
উল্লেখ্য যে কুলেন্দ্ৰ শৰ্মা ভাৰতীয় বায়ুসেনা বাহিনীৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া আছিল। এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্য সৃষ্টি কৰিছে। আৰক্ষীয়ে বিষয়টোক লৈ গভীৰ তদন্ত আৰম্ভ কৰিছে আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত সকলো দিশ খতিয়ান কৰি চাই আছে।
এই সন্দৰ্ভত তেজপুৰ আৰক্ষীয়ে ৭৮৫/২৫ নং গোচৰৰ ভাৰতীয় ন্যায় সংহিতা আইনৰ u/147, 148, 152, 238, 61(2) অধীনত কুলেন্দ্র শৰ্মাক গ্ৰেপ্তাৰ কৰে। প্ৰাথমিক অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি অভিযুক্ত শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে সংবেদনশীল তথ্য যোগান ধৰিছিল।
বৰ্তমান আৰক্ষীৰ জেৰাৰ অন্তত কুলেন্দ্ৰ শৰ্মাৰ সৈতে আৰু কোনো লোক জড়িত আছে নে নাই, সেই সন্দৰ্ভতো অনুসন্ধান অব্যাহত আছে। এই ঘটনাই পুনৰ এবাৰ দেশৰ সুৰক্ষা ব্যৱস্থাক লৈ গুৰুত্বপূর্ণ প্ৰশ্ন উত্থাপন কৰিছে।
ডিজিটেল ডেস্ক, ১৩ ডিচেম্বৰ