নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ : কলগাছিয়াৰ বৰভিঠা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বিদ্যালয়খনৰ দুই ছাত্ৰৰ মাজত হোৱা কাজিয়াক কেন্দ্ৰ কৰি কলগাছিয়া জিলা আমছুৰ সভাপতি ছাহজাহান আলীয়ে অতৰ্কিতে বিদ্যালয়খনত সোমাই ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকক প্ৰহাৰ কৰে ৷ ফলত ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
আমছু নেতা ছাহজাহান আলীয়ে লৈ অহা চাৰিচকীয়া বাহনখন উত্তেজিত ছাত্ৰ-ছাত্ৰীয়ে ভাঙি চূৰমাৰ কৰে ৷ ঘটনা সংক্ৰান্তত বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে বৰভিঠা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷
ঘটনাস্থলীত বৰভিঠা আৰক্ষী চকী আৰু কলগাছিয়া থানাৰ আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও এতিয়াও অঞ্চলটোত উত্তেজনা বিৰাজ কৰি আছে ৷ উল্লেখ্য যে বিদ্যালয়খনত হোৱা এই ঘটনাৰ লগত জড়িত আমছু নেতা ছাহজাহান আলীক কেন্দ্ৰীয় কমিটীয়ে নিলম্বন কৰা বুলি জানিব পৰা গৈছে ৷