আইচিচিৰ Player of the Month-ৰ বঁটা আঁজুৰিলে তাৰকা শ্বেফালিয়ে
এই বঁটা লাভ কৰিবলৈ শ্বেফালি বাৰ্মাই থাইলেণ্ডৰ থিপাচা পুত্তাৱং আৰু ইউএইৰ ইশা অজাক পিছ পেলায়। এইটো শ্বেফালিৰ কেৰিয়াৰৰ প্ৰথম ICC Player of the Month বঁটা, যিয়ে ভাৰতীয় মহিলা ক্ৰিকেটত তেওঁৰ গুৰুত্বক আৰু অধিক দৃঢ় কৰে
ভাৰতীয় মহিলা ক্ৰিকেটৰ উদীয়মান তাৰকা শ্বেফালি বাৰ্মাক নৱেম্বৰ মাহৰ বাবে ICC Women’s Player of the Month হিচাপে ঘোষণা কৰা হৈছে। Women’s World Cupৰ ফাইনেলত তেওঁৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবেই এই সন্মান লাভ কৰে ২১ বছৰীয়া বেটাৰগৰাকীয়ে। শ্বেফালিৰ সাহসী আৰু দায়িত্বশীল ইনিংছে ভাৰতক ইতিহাস ৰচনাৰ দিশে আগবঢ়াই লৈ যায়।
নৱী মুম্বাইত অনুষ্ঠিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে বিশ্বকাপ ফাইনেলত শ্বেফালিয়ে ৭৮ বলত ৮৭ ৰান সংগ্ৰহ কৰে। এই ইনিংছটো Women’s World Cup ফাইনেলত কোনো ভাৰতীয় অপেনাৰৰ সৰ্বাধিক স্ক’ৰ হিচাপে অভিলেখ হৈ ৰয়। তেওঁৰ ইনিংছৰ জোৰতে ভাৰতে ৭ উইকেটত ২৯৮ ৰান সংগ্ৰহ কৰে আৰু শেষত ৫২ ৰানত জয় লাভ কৰি বিশ্বকাপ মুকুট দখল কৰে।
ইনিংছটোত শ্বেফালিয়ে স্মৃতি মান্ধানাৰ সৈতে ১০৪ ৰানৰ এক শক্তিশালী অপেনিং যুটি গঢ়ে। এই সুদৃঢ় আৰম্ভণিয়ে দলটোক সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখে আৰু মধ্যম ক্ৰমক মুক্তভাৱে খেলাৰ সুযোগ দিয়ে। উল্লেখযোগ্য যে আঘাতপ্ৰাপ্ত প্ৰতিকা ৰাৱালৰ সলনি ছেমিফাইনেলত দলত প্ৰত্যাৱৰ্তন কৰিছিল শ্বেফালিয়ে।
এই বঁটা লাভ কৰিবলৈ শ্বেফালি বাৰ্মাই থাইলেণ্ডৰ থিপাচা পুত্তাৱং আৰু ইউএইৰ ইশা অজাক পিছ পেলায়। এইটো শ্বেফালিৰ কেৰিয়াৰৰ প্ৰথম ICC Player of the Month বঁটা, যিয়ে ভাৰতীয় মহিলা ক্ৰিকেটত তেওঁৰ গুৰুত্বক আৰু অধিক দৃঢ় কৰে।
বঁটা লাভৰ পিছত শাফালিয়ে কয়, “মোৰ প্ৰথম ICC Women’s Cricket World Cup অভিজ্ঞতা মই ভাবি থোৱা দৰে নাছিল, কিন্তু যিধৰণে শেষ হ’ল, সেয়া মোৰ কল্পনাৰো বাহিৰত।”
তেওঁ আৰু কয়, “ফাইনেলত দলৰ জয়ত মই অৱদান আগবঢ়াব পাৰিলোঁ বুলি গৰ্ব অনুভৱ কৰিছোঁ। ঘৰুৱা দৰ্শকৰ সন্মুখত প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰাটো আমাৰ সকলোৰে বাবে বিশেষ মুহূৰ্ত।”
শাফালিয়ে এই বঁটা নিজৰ সতীৰ্থ, প্ৰশিক্ষক, পৰিয়াল আৰু সমৰ্থকসকলক উৎসৰ্গা কৰে। “এই সন্মান লাভ কৰি মই সত্যই গৌৰৱান্বিত। এই বঁটাও দলগত সাফল্যৰ অংশ— আমি দল হিচাপে জয়ী হওঁ, দল হিচাপেই পৰাজিত হওঁ,” বুলি তেওঁ কয়।
মাত্ৰ ২১ বছৰ বয়সতেই শ্বেফালি বাৰ্মাই ডাঙৰ মঞ্চত চাপ চম্ভালাৰ ক্ষমতা প্ৰমাণ কৰিছে। সাহসী মানসিকতা আৰু পৰিপক্ব খেলশৈলীৰ জৰিয়তে তেওঁ ভাৰতীয় মহিলা ক্ৰিকেটৰ এক উজ্জ্বল ভৱিষ্যৎ হিচাপে আত্মপ্ৰকাশ কৰিছে।
ডিজিটেল ডেস্ক, ১৫ ডিচেম্বৰ