ভূৰাগাঁও উন্নয়ন খণ্ডত দিনৰ ১২ বজালৈ অনুপস্থিত কৰ্মচাৰী
লাহৰীঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত ১২টা গাঁও পঞ্চায়তৰে গঠিত ভূৰাগাঁও উন্নয়ন খণ্ডত বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবে দৈনিক দূৰদূৰণিৰ পৰা অহা সৰ্বসাধাৰণ অতিষ্ঠ হৈ উভতি যাবলগা হয়
চৰকাৰী কাৰ্যালয়ত চৰকাৰী বিষয়া কৰ্মচাৰীৰ কৰ্মসংস্কৃতিৰ নমুনাই সকলোৰে চকু কপালত তুলিছে। দুপৰীয়া ১২ বজালৈকে মৰিগাঁও জিলাৰ ভূৰাগাঁও উন্নয়ন খণ্ড কাৰ্যালয়ত উপস্হিত নাই এজনো চৰকাৰী বিষয়া কৰ্মচাৰী।
সকলো কৰ্মচাৰী কোঠাত পৰি ৰৈছে কেৱল খালী চকী । দূৰ দুৰণিৰ পৰা অহা লোকসকলে বিষয়া কৰ্মচাৰী বিচাৰি পুৱাৰ ভাগৰে পৰা বোন্দাপৰ দিবলগীয়া হৈছে। দিনৰ ১২ বজাত দুই এজন কৰ্মচাৰীহে আহিছে।
লাহৰীঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত ১২টা গাঁও পঞ্চায়তৰে গঠিত ভূৰাগাঁও উন্নয়ন খণ্ডত বিষয়া কৰ্মচাৰীৰ হেমাহিৰ বাবে দৈনিক দূৰদূৰণিৰ পৰা অহা সৰ্বসাধাৰণ অতিষ্ঠ হৈ উভতি যাবলগা হয়।
বিষয়া কৰ্মচাৰীসকলৰ অনিয়মীয়া উপস্হিতিয়ে উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়ত সমূহৰ উন্নয়নৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হোৱাৰো ৰাইজে অভিযোগ উত্থাপন কৰিছে। ভূৰাগাঁও উন্নয়ন খণ্ডত বিষয়া কৰ্মচাৰীৰ নিয়মীয়া উপস্থিতিৰ ক্ষেত্ৰত মৰিগাঁও জিলা আয়ুক্তক দৃষ্টি গোচৰ দিবলৈ স্হানীয় ৰাইজে অনুৰোধ জনাইছে।
নিয়মীয়া বাৰ্তা, ভূৰাগাঁও, ১৫ ডিচেম্বৰ