শিক্ষার্থীৰ অনুপস্থিতিৰ তথ্য প্রেৰণ হ’ব শিক্ষক–অভিভাৱকলৈ
আনহাতে অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ অনুপস্থিতি অব্যাহত থকাৰ সন্দর্ভত প্রত্যক্ষ বা পৰোক্ষভাৱে সংক্ষিপ্ত খবৰ বাৰে বাৰে লাভ কৰি থাকিব৷ যাৰ ফলত অভিভাবকসকলে তেওঁলোকৰ সন্তানক বিদ্যালয়লৈ প্রেৰণ কৰিবলৈ বাধ্য হ’ব
ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত ছাত্র–ছাত্রীৰ অনুপস্থিতি হ্রাস কৰাৰ বাবে স্বয়ংক্রিয় এছএমএছ (মেছেজ) সতর্কতা ব্যৱস্থা আৰম্ভ কৰিছে সর্বশিক্ষা অভিযানে৷ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আনুষ্ঠানিকভাৱে এই স্বয়ংক্রিয় এছএমএছ (মেছেজ) সতর্কতা ব্যৱস্থা মুকলি কৰে৷
ইয়াৰ জৰিয়তে বিদ্যালয়লৈ নহা অর্থাৎ বিদ্যালয়ত অনুপস্থিত থকা ছাত্র–ছাত্রীসকলক বিদ্যালয়লৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে৷ সংবাদ মেলযোগে এই ব্যৱস্থা সন্দর্ভত মন্তব্য কৰি শিক্ষামন্ত্রীগৰাকী কয় যে এই প্রযুক্তিচালিত পদক্ষেপ ছাত্র–ছাত্রীৰ উপস্থিতি শক্তিশালী কৰাৰ দিশত, শৈক্ষিক ধাৰাবাহিকতা প্রসাৰিত কৰাৰ দিশত আৰু ৰাজ্যৰ সকলো বিদ্যালয়তে ড্রপ আউটৰ শংকা হ্রাস কৰাৰ দিশত সময়োপযোগী, কেন্দ্রীভূত হস্তক্ষেপ সক্ষম কৰাৰ দিশত ই এক গুৰুত্বপূর্ণ পদক্ষেপ৷
বিদ্যালয় শিক্ষা বিভাগৰ মতে, এই ব্যৱস্থাই একেৰাহে পাঁচ দিন ধৰি অবিৰতভাৱে অনুপস্থিত থকা ছাত্র–ছাত্রীসকলৰ বাবে মানক এছএমএছৰ সূচনা হ’ব৷ এই সতর্কবাণীসমূহ নির্দিষ্ট পাঁচ দিনৰ ব্যৱধানত (অর্থাৎ অনুপস্থিতিৰ ৫, ১০, ১৫… দিন) স্বয়ংক্রিয়ভাৱে সৃষ্টি কৰা হ’ব আৰু সংশ্লিষ্ট ছাত্রজনে পুনৰ উপস্থিতি আৰম্ভ নকৰালৈকে চলি থাকিব, যাৰ ফলত পৰিয়াল আৰু বিদ্যালয়ৰ সৈতে স্থায়ীভাৱে জড়িত হোৱাটো নিশ্চিত হ’ব৷
এই এছএমএছ বা মেছেজসমূহ কাষ্টমাইজ কৰা হৈছে আৰু একেলগে দুজন মূল অংশীদাৰলৈ প্রেৰণ কৰা হ’ব৷ শ্রেণী শিক্ষকসকলে প্রেৰণ কৰিব লগা এছএমএছ বা মেছেজৰ জৰিয়তে সংশ্লিষ্ট ছাত্রৰ নাম, শ্রেণী আৰু ছেকচন বা শ্রেণীৰ শাখা স্পষ্টভাৱে উল্লেখ কৰি কেন্দ্রীভূত সতর্কবাণী লাভ কৰিব যাৰ ফলত তেওঁলোকে ছাত্র–ছাত্রীসকলক বিদ্যালয়লৈ ঘূৰাই আনিবলৈ অভিভাৱকৰ সৈতে যোগাযোগ কৰিব পাৰিব৷
আনহাতে অভিভাৱকসকলে তেওঁলোকৰ সন্তানৰ অনুপস্থিতি অব্যাহত থকাৰ সন্দর্ভত প্রত্যক্ষ বা পৰোক্ষভাৱে সংক্ষিপ্ত খবৰ বাৰে বাৰে লাভ কৰি থাকিব৷ যাৰ ফলত অভিভাবকসকলে তেওঁলোকৰ সন্তানক বিদ্যালয়লৈ প্রেৰণ কৰিবলৈ বাধ্য হ’ব৷ সর্বশিক্ষা অর্থাৎ সমগ্র শিক্ষা বিভাগৰ তথ্য অনুসৰি ৰাজ্যখনৰ ভাষিক বৈচিত্র্যৰ কাৰণে এছএমছএ বা মেছেজসমূহ অসমীয়া, বাংলা, বড়ো, হিন্দী আৰু ইংৰাজীত প্রেৰণ কৰা হ’ব৷
ডিজিটেল ডেস্ক, ১৬ ডিচেম্বৰ