নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

GOAT ইণ্ডিয়া ট্যুৰৰ সামৰণি : টি–২০ বিশ্বকাপ চাবলৈ মেছিক আমন্ত্রণ জয় শ্বাহৰ

মেছিক টি–২০ বিশ্বকাপৰ উদ্বোধনী মেচখনৰ টিকট প্রদান কৰাই নহয়, বর্তমানৰ ভাৰতীয় টি–২০ দলৰ জার্ছীও উপহাৰ হিচাপে প্রদান কৰে৷ মেছিৰ লগতে লুইছ ছুৱাৰেজ আৰু ৰড্রিগো ডি পলকো ভাৰতীয় টি–২০ দলটোৰ জার্ছী উপহাৰ হিচাপে দিয়ে জয় শ্বাহে৷

কলকাতাৰ পৰা আৰম্ভ হৈ নতুন দিল্লীত সামৰণি পৰিল আর্জেণ্টিনাৰ ছুপাৰষ্টাৰ লিঅ’নেল মেছিৰ জিঅ’এটি ট্যুৰ ইভেণ্টৰ৷ নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত অহা বর্ষত ভাৰত আৰু শ্রীলংকাত যুটীয়াভাৱে অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপৰ মেচ উপভোগ কৰাৰ বাবে বিশ্ব চেম্পিয়ন আর্জেণ্টিনাৰ তাৰকা ফুটবলাৰ মেছিক আমন্ত্রণ জনায় আইচিচিৰ অধ্যক্ষ জয় শ্বাহে৷

আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ ভাৰত আৰু আমেৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী মেচখনৰ এটা প্রতীকী টিকটো প্রদান কৰে লি’নেল মেছিক৷ দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত আয়োজন কৰা এক অনুষ্ঠানত অংশ লোৱা মেছিক সাক্ষাৎ কৰে আইচিচিৰ অধ্যক্ষ জয় শ্বাহে৷

সাক্ষাৎকালত জয় শ্বাহে বিশ্বৰ অন্যতম শ্রেষ্ঠ ফুটবলাৰ মেছিক টি–২০ বিশ্বকাপৰ উদ্বোধনী মেচখনৰ টিকট প্রদান কৰাই নহয়, বর্তমানৰ ভাৰতীয় টি–২০ দলৰ জার্ছীও উপহাৰ হিচাপে প্রদান কৰে৷ মেছিৰ লগতে লুইছ ছুৱাৰেজ আৰু ৰড্রিগো ডি পলকো ভাৰতীয় টি–২০ দলটোৰ জার্ছী উপহাৰ হিচাপে দিয়ে জয় শ্বাহে৷

মেছিক ১০ নম্বৰ, ছুৱাৰেজক ৯ নম্বৰ আৰু ডি পলক ৭ নম্বৰ জার্ছী প্রদান কৰে জয় শ্বাহে৷ ইয়াৰ উপৰি ভাৰতীয় দলটোৰ খেলুৱৈসকলৰ স্বাক্ষৰিত বিশেষ ক্রিকেট বেট এখনো মেছিক উপহাৰ হিচাপে দিয়া হয়৷

ইপিনে, এই অনুষ্ঠানটোত উপস্থিত থাকি ভাৰতীয় ফুটবল দলৰ প্রাক্তন অধিনায়ক বাইচুং ভুটীয়ায়ো তিনিওগৰাকী বিশ্বশ্রেষ্ঠ ফুটবলাৰৰ সৈতে মত বিনিময় কৰে৷ ষ্টেডিয়াম ত্যাগ কৰাৰ পূর্বে মেছিয়ে কয় যে ভাৰতলৈ অহাৰ পিছত এই কেইদিনত যি মৰম পাইছোঁ তাৰ বাবে ধন্যবাদ৷ মই অতি কম সময়ৰ বাবে থাকিবলৈ সক্ষম হৈছিলোঁ৷

কিন্তু মই আগতীয়াকৈ জানিছিলোঁ যে ভাৰতত এনেকুৱা সন্মান পাম৷ আপোনালোকে আমাৰ বাবে যি কৰিছে, সেয়া শব্দৰে বুজাব নোৱাৰি৷ মেচৰ বাবে হওক বা আন কোনো কাৰণত হওক, আমি নিশ্চিতভাৱে এদিন ভাৰতলৈ পুনৰ আহিম৷

ডিজিটেল ডেস্ক, ১৬ ডিচেম্বৰ

You might also like