নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দক্ষিণ কামৰূপ, কাজিৰঙা, তামুলপুৰ, ৰহা, খুমটাইত বনহস্তীৰ সন্ত্ৰাস

হাতীৰ আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা মহিলাসহ ৭টিকৈ শিশু

দক্ষিণ কামৰূপত বন্যহস্তীৰ উপদ্ৰৱ

নিশা নহয় দিনৰ পোহৰতে বৃহৎ বনৰীয়া হাতীৰ জাকে এফালৰ পৰা তহলিং কৰি গৈছে ধাননি পথাৰ, গৃহস্থৰ বাৰীৰ গছ গছনিৰ, শাক-পাচলি। বিশেষকৈ দক্ষিণ কামৰূপৰ, ৰাণী, গোঁসাইহাট মাজকুছি, পাৰাকুছি, তিনিআলি, উৰপুত আদিকে ধৰি গাওঁসমূহত দিনে নিশাই বৃহৎ এটি বনৰীয়া হাতীৰ জাকে খেতি পথাৰত থকা পকা ধানসমূহ এফালৰ পৰা তহলিং কৰি আছে। কাণসাৰ নাই বন বিভাগৰ। দিনৰ পোহৰত মানুহৰ বস্তিত সোমাই বাৰীৰ সকলো শস্য খাই উদং কৰাৰ লগতে অঞ্চলসমূহত চলাই আছে উপদ্ৰৱ। এতিয়া এই অঞ্চলসমূহৰ লোকসকলৰ সকলো ক্ষেত্ৰতে হৈছে বিপদ। এইক্ষেত্ৰত বন বিভাগক খবৰ দিলেও বন বিভাগৰ লোক নাহে। বহু অজুহাত দেখুৱাই নাহে। যাৰ বাবে বহু সময়ত সাধাৰণ লোক আৰু বন বিভাগৰ লোকৰ মাজত সৃষ্টি হয় কাজিয়া।এতিয়া অঞ্চলতোৰ ৰাইজে বন্যহস্তীৰ বাবে দিনে নিশাই কটাব লগা হৈছে এক দুৰ্বিসহ জীৱন। মঙলবাৰে নিশা ৰাণী অঞ্চলৰ নাৰগাও আৰু ঠাকুৰীয়া পাৰাত এই বন্যহস্তীয়ে নেহুৰু তালুকদাৰ আৰু মাণিক ঠাকুৰীয়াৰ ঘৰত চলাই উপদ্ৰৱ। নিশা প্ৰায় ১১ বজাত বন্যহস্তীৰ জাকে নেহুৰু তালুকদাৰৰ বাটৰ পকী বেৰ, ঘৰৰ খিৰিকী, দৰ্জা ভাঙি থুপাই থোৱা ধান খোৱাৰ লগতে সমীপবৰ্তী মেকুৰীকুছীৰ ঠাকুৰীয়া পাৰাৰ মাণিক ঠাকুৰীয়াৰ ঘৰত প্ৰৱেশ কৰি ৰান্ধনী ঘৰত থকা কেইবাকেজি চাউল বেৰ ভাঙি খাই তহলিং কৰে। উল্লেখ্য যে প্ৰায়েই এনেদৰে খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাকে ঘৰত প্ৰৱেশ কৰি ধান, চাউল খাই উপদ্ৰৱ চলাই আছে।

হাতীৰ আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা মহিলাসহ ৭টিকৈ শিশু

ৰাজ্যত হাতী-মানুহৰ সংঘাত তীব্ৰতৰ হোৱাৰ সময়তে কাজিৰঙাত বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল এগৰাকী মহিলাসহ ৭টিকৈ শিশু। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা ৫০জনীয়া বনৰীয়া হাতীৰ জাকে হাতীখুলি চাহ বাগিচাৰ ৮ নম্বৰ লাইনৰ এটা ঘৰ সম্পুৰ্ণৰূপে ভাঙি ধ্বংসস্থুপত পৰিণত কৰে। ঘৰৰ ভিতৰৰ সকলো আচবাব, চাইকেল, বিদ্যুৎ মিটাৰ, কাঁহী-বাচন ভাঙি তচনচ কৰে। উল্লেখযোগ্য সেই সময়ত গভীৰ নিদ্ৰাত থকা এগৰাকী মহিলাসহ সাতটিকৈ শিশুৰ কথমপি প্ৰাণৰক্ষা পৰে। বৰ্তমান বিধ্বস্ত ঘৰটোৰ বাহিৰত ভোকে পিয়াহে মহিলা আৰু শিশুকেইটি আছে যদিও বন বিভাগে উপযুক্ত সাহায্য প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে।

ভাৰত-ভূটান সীমান্তত অব্যাহত বনহস্তীৰ উপদ্ৰৱ

খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই নিশা তামুলপুৰৰ ১ নম্বৰ কালিপুৰ, নতুন বস্তী, কাৰখেলাত উপদ্ৰৱ চলাই কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি, ঘৰৰ আচবাব ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভড়ালৰ ধান চাউল খাই তহিলং কৰে ৷ হাতীয়ে খাই গচকি তচনচ কৰে পাচলি খেতিৰ লগতে পথাৰৰ পকা ধান ৷ ভাঙি তচনচ কৰে তামোল বাৰীৰ ৷ ইপিনে নিশা শুই থকা অৱস্থাতে হাতীয়ে উপদ্ৰৱ চলোৱাত হাতীৰ আক্ৰমনৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে শিশু মহিলাসহ কেইবাজনো লোকৰ। স্থানীয় ৰাইজৰ অভিযোগ বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ পিছতো হাতী খেদিবলৈ বন বিভাগে লোৱা কোনো বিশেষ। উল্লেখ্য যে যোৱা মাহত ভূটান সীমান্তত বনৰীয়া হাতীৰ আক্ৰমনত তিনিজনকৈ লোক নিহত হোৱাৰ লগতে দহজনতকৈ অধিক লোক আহত হৈছিল ৷

ৰহাতো বন্যহস্তীৰ সন্ত্ৰাস

ৰহাত দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ সন্ত্ৰাস। জাক জাক বনৰীয়া হাতীয়ে এতিয়া ৰহাৰ হাৰিয়াপাৰ, হাতীমূৱা, পহুপুৰী, জাকৰুৱা ধেমাজী উদৰভেটি, কজলাজান আদিকে ধৰি ইখনৰ পিচত সিখন অঞ্চলত চলাই আহিছে উপদ্ৰৱ৷ বিগত এসপ্তাৰ পৰা নগাঁৱৰ কন্দলী পাহাৰৰ পৰা নামি অহা প্ৰায় তিনি শতাধিক বন্যহস্তীয়ে নিদ্ৰা হৰিছে অঞ্চলটোৰ ৰাইজৰ। দিনত ৰহাৰ জলাহৰ এক দুৰ্গম ঠাইত আশ্ৰয় লৈ থকা বৃহৎ হাতীৰ জাকটোৱে সন্ধিয়া হ’লেই এই অঞ্চলবোৰলৈ ওলাই আহি শ শ বিঘা পথাৰৰ ধান, শস্য খাই তহিলং কৰাৰ উপৰি ভৰাঁল ভাঙি গুটিধান খোৱাৰ লগতে বাৰী-ঘৰতো প্ৰৱেশ কৰি বিস্তৰ ক্ষতি কৰি আহিছে৷ সন্ধিয়া হ’লেই এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় এই অঞ্চলবোৰত৷ হাতীৰ জাকটোৱে ইতিমধ্যে হাৰিয়াপাৰত কেইবাটাও বাসগৃহও ধ্বংস কৰিছে৷ অঞ্চলৰ ৰাইজে নিশা জুই জ্বলাই, ব’ম, ফটকা, টিং, কাঁহ বজাই হাতী খেদিবলৈ চেষ্টা চলাই আহিছে যদিও আগ্ৰাসী হাতীৰ জাকটোৱে নিতৌ ক্ৰমান্বয়ে জনবহুল অঞ্চলত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাই আছে৷ ফলত অধিক আতংকিত হৈ পৰিছে গঞা৷ নিশা নিশা নগাঁও বন বিভাগৰ লোক আহি হাতীৰ জাকটো খেদিবলৈ চেষ্টা চলাইছে যদিও সফল হ’ব পৰা নাই৷ যাৰবাবে এতিয়া অঞ্চলৰ ৰাইজে উজাগৰী নিশা কটাবলগীয়া হৈছে৷ যিকোনো প্ৰকাৰে হাতীৰ জাকটো খেদিব নোৱাৰিলে জনজীৱনৰো হানি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ সেয়ে বন্যহস্তীৰ পৰা জনসাধাৰণক নিৰাপত্তা দিবলৈ চৰকাৰক আহ্বান জনাইছে অঞ্চলৰ ৰাইজে৷

খুমটাইতো হাতী-মানুহৰ সংঘাত

খুমটাইত অধিক ভয়াৱহ হৈ পৰিছে হাতী-মানুহৰ সংঘাত। প্ৰতিদিনাই নতুন নতুন অঞ্চলত বন্যহস্তীয়ে চলাইছে তাণ্ডৱ। পুৱতিনিশা হাতীয়ে শেনছোৱা গাঁৱত ভাঙি থানবান কৰিলে কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ ঘৰ। কান্দি কান্দি চকুলোৰে বাট নেদেখা হৈছে দূৰ্ভগীয়া পৰিয়ালটো। অন্ন-বস্ত্ৰ-বাসস্থানৰ বাবে হাহাকাৰ দুখীয়া পৰিয়ালকেইটাৰ। খুমটাইৰ চিনাতলী, শেনচোৱা, ভোলাগুৰি, অঁকাগাঁওকে ধৰি বিভিন্ন অঞ্চলত শ শ বিঘা ধানখেতি নষ্ট কৰিছে বন্যহস্তীৰ জাকে। বিনিদ্ৰ ৰজনী কটাইছে কেইবাখনো গাঁৱৰ ৰাইজে। বনবিভাগে লোৱা নাই যথোপযুক্ত ব্যৱস্থা। বনবিভাগৰ বিৰুদ্ধে সৰৱ জনতা। ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ আৰু বন্যহস্তীৰ জাকটো ওভতাই পঠোৱাৰ বাবে প্ৰশাসনক আহ্বান ৰাইজৰ।

ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ

You might also like