নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজামুদ্দিনৰ পৰা ৰে’লেৰে অহা লোকসকলৰ সংস্পৰ্শত পৰা কেইবাহাজাৰ লোক আক্ৰান্ত হোৱাৰ ভয় !

নিয়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ দেশৰ ৰাজধানী দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত আয়োজন কৰা ধৰ্মীয় সমাৱেশেই দেশলৈ ক’ৰোনা ভাইৰাছৰ সামাজিক সংক্ৰমণৰ ভয়াৱহতা বৃদ্ধি কৰিলে । ইতিমধ্যে সেই অনুষ্ঠানত অংশ লৈ নিজ ৰাজ্যলৈ ঘূৰি যোৱা কেইবাজনো লোকৰ দেহত ক’ৰোনা ভাইৰাছ পজিটিভ পোৱা গৈছে ।

কিন্তু এতিয়া সকলোতকৈ ভয়ংকৰ কথাটো এয়ে যে নিজামুদ্দিন মাৰ্কাজত অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানত অংশ লৈ যিসকল লোক ৰে’লেৰে ঘূৰি আহিছিল, সেই ৰে’লকেইখনত থকা আন যাত্ৰীসকলো এই মাৰাত্মক ক’ৰোনাৰ দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে ।

১৩-১৯ মাৰ্চলৈ দিল্লীৰ পৰা দেশৰ বিভিন্ন স্থানলৈ যাত্ৰা কৰা এনে ৫ খন ৰে’ল ইতিমধ্যে চিনাক্ত কৰা হৈছে । এই পাঁচখন ৰে’ল ক্ৰমে-  দিল্লী-গুণ্টুৰ ৰে’ল অন্ধ্ৰ (প্ৰদেশ), গ্ৰেণ্ড ট্ৰাংক এক্সপ্ৰেছ (চেন্নাই), দিল্লী-তামিলনাডু এক্সপ্ৰেছ (চেন্নাই), নতুন দিল্লী- ৰাঁচি ৰাজধানী এক্সপ্ৰেছ আৰু অন্ধ্ৰ প্ৰদেশ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ ।

উল্লেখ্য যে বুধবাৰ পুৱা পৰ্যন্ত দেশত ক’ৰোনাত আক্ৰান্ত ৰোগীৰ ২০০৪ জনলৈ বৃদ্ধি পাইছে ।

You might also like