বৰঝাৰ বিমানবন্দৰৰ নৱনির্মিত বিশ্বমানৰ টার্মিনেল মুকলি প্ৰধানমন্ত্ৰী মোদীৰ
ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ : বিকাশৰ বতৰা লৈ দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনির্মিত বিশ্বমানৰ টার্মিনেল। আজি বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ বিমান বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে। বৰঝাৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বিমানে অৱতৰণ কৰাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনায়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম ভূমিত পদাৰ্পণ কৰিয়ে গুৱাহাটী বিমানবন্দৰ পৰিসৰত নিৰ্মাণ কৰা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে। তাৰ পিছত প্রধানমন্ত্রীগৰাকীয়ে উদ্বোধন কৰে লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্রীয় বিমানবন্দৰৰ নতুন টার্মিনেল। আজি প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰা টার্মিনেলটো ভাৰতৰ প্রথমটো প্রাকৃতিক বিষয়ক বিমানবন্দৰ টার্মিনেল৷ প্রায় ১.৪ লাখ বর্গমিটাৰ বিস্তৃত এই নতুন টার্মিনেলটো বছৰি ১.৩ কোটি যাত্রীক পৰিচালনা কৰিব পৰাকৈ ডিজাইন কৰা হৈছে৷ ইয়াৰ ৰানৱে’, এয়াৰফিল্ড ছিষ্টেম, এপ্র’ণ আৰু টেক্সিৱে’ৰ ব্যাপক উন্নীতকৰণ কৰা হৈছে৷
প্রাকৃতিক বিষয়ত দেশৰ প্রথমটো বিমান টার্মিনেল হিচাপে সাজি উলিওৱা এই টার্মিনেল ভৱনত বেম্ব’ অর্কিডক লৈ অসমৰ জৈৱ–বৈচিত্র্য আৰু সাংস্কৃতিক ঐতিহ্যৰ প্রতিফলন ঘটিছে৷ টার্মিনেলটোত উত্তৰ–পূবৰ স্থানীয়ভাৱে উপলব্ধ ১৪০ মেট্রিকটন বাঁহ ব্যৱহাৰ কৰা হৈছে৷ সমান্তৰালভাৱে সংযোজন কৰা হৈছে কাজিৰঙাৰ সেউজীয়া প্রাকৃতিক দৃশ্য, জাপি, গঁড়ৰ প্রতীক আৰু কপৌফুলকে ধৰি ৫৭বিধ অর্কিড স্তম্ভ৷ নতুন টার্মিনেলটোত যাত্রীসকলৰ সা–সুবিধা আৰু ডিজিটেল উদ্ভাৱনৰ ক্ষেত্রত নতুন মান নির্ধাৰণ কৰা হৈছে৷ বিশেষকৈ ছিকিউৰিটী স্ক্রিনিঙৰ বাবে ফুল ব’ডি স্কেনাৰ, স্বয়ংক্রিয় বেগেজ পৰিচালনা, ফাষ্টট্রেক ইমিগ্রেচন আৰু আন সুবিধাসমূহ৷ প্রধানমন্ত্রীয়ে এই নতুন টার্মিনেল উদ্বোধনৰ পাছতেই এখন বিশাল ৰাজহুৱা সভাতো অংশগ্রহণ কৰে৷