নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্রতিমূর্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ

ডিজিটেল ডেস্ক, ২০ ডিচেম্বৰ : দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি বিয়লি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশেষ বিমান বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰে। বৰঝাৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ বিমানে অৱতৰণ কৰাৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনায়। লগতে প্ৰধানমন্ত্ৰী মোদীক কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ কেইবাগৰাকী নেতায়ো অসম ভূমিলৈ আদৰণি জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম ভূমিত পদাৰ্পণ কৰিয়ে গুৱাহাটী বিমানবন্দৰ পৰিসৰত নিৰ্মাণ কৰা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী, ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ বিশাল প্ৰতিমূৰ্তি উন্মোচন কৰে। স্বাভাৱিকতে এই ক্ষণ অসমৰ ইতিহাসত এক বিৰল ক্ষণ হিচাপে বিবেচিত হ’ব৷

উল্লেখ্য যে ৮০ ফুট উচ্চতাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তিভাগি প্ৰসিদ্ধ ভাস্কৰ, সদ্যপ্ৰয়াত ৰাম সুতাৰৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে। উল্লেখ্য় যে গুৱাহাটী বিমানবন্দৰৰ প্ৰৱেশদ্বাৰত প্ৰতিমূৰ্তিভাগ প্ৰতিষ্ঠা কৰাটোৱে ইয়াক আৰু অধিক বিশেষ কৰি তুলিছে।

You might also like