গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত সোণাপুৰ মণ্ডলত আজি ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা গুৱাহাটী জিলা আৰু ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা অসম প্ৰদেশৰ উদ্যোগত ৰাষ্ট্ৰীয় কৃষক দিৱস উপলক্ষে বিভিন্নজন খিলঞ্জীয়া কৃষকক উৎসাহ-উদ্দীপনা যোগোৱাৰ নিমিত্তে সম্বৰ্ধনা জনোৱা হয় ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা অসম প্ৰদেশৰ তৰফৰ পৰা । কৃষক দিৱসৰ এই সভাত আজি সভাপতিত্ব কৰে কৃষক মৰ্চা গুৱাহাটী মহানগৰ জিলাৰ জিলা সভাপতি মৃণাল দাসে।
সভাখনত মূলতঃ কৃষক সমাজক অগ্ৰাধিকাৰ দিয়াৰ কথা উল্লেখ কৰে কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি পংকজ বৰবৰাই। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকি সোণাপুৰ অঞ্চলৰ কৃষক ৰাইজক সম্বোধন কৰে কৃষক মৰ্চা অসম প্ৰদেশৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই।
কৃষকক উদ্দেশ্য কৰি ৰঞ্জিত ভট্টাচাৰ্যই কয় যে কৃষিপথাৰ যেতিয়ালৈকে অসমীয়া থলুৱা কৃষকৰ হাতত থাকিব, তেতিয়ালৈকে অসম আৰু অসমী আইৰ আত্মসন্মান সযতনে থাকিব। তদুপৰি কৃষকসকলক ৰাজ্যিক সাধাৰণ সম্পাদকগৰাকীয়ে কৃষিকাৰ্য অচিনাকি লোকক নিদি নিজে নিজৰ মাটিত কৰিবলৈ আহ্বান জনায়।
অন্নদাতা কৃষকসকলক লৈ অনুষ্ঠিত আজিৰ এই সভাত অংশগ্ৰহণ কৰে সোণাপুৰ মণ্ডলৰ প্ৰায় ১০০জন প্ৰগতিশীল কৃষকে। জানিব পৰা অনুসৰি এনেধৰণৰ পদক্ষেপৰ বাবে ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা অসম প্ৰদেশক কৃষকসকলে প্ৰশংসা কৰিছে আৰু অনাগত দিনত অন্নদাতা কৃষকক আৰু অধিক আগুৱাই নিবলৈ ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চা অসম প্ৰদেশ সমিতিক আহ্বান জনায়।
ডিজিটেল ডেস্ক, ২৩ ডিচেম্বৰ :