নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশ কঁপাই যোৱা সোণাজুলি কাণ্ডৰ নিহতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

দেশ কঁপাই যোৱা সোণাজুলি কাণ্ডৰ আজি ১১ বছৰ পূৰ্ণ হ’ল। বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৱর্তী ফুলবাৰী আৰু সোণাজুলি অঞ্চলত ২০১৪ চনৰ  আজিৰ দিনটোতে এন ডি এফ বিৰ ঘাতক বাহিনীৰ গুলীত নিহত হৈছিল দুগ্ধপোষ্য শিশুসহ ৩০ নিৰীহ লোক।

শিশুৰ পৰা বৃদ্ধলৈকে ৩০জনকৈ নিৰীহ লোক নিহত হোৱাৰ এই কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। আনকি বিশ্বনাথলৈ ঢপলিয়াই আহিছিল তদানীন্তন গৃহমন্ত্ৰী ৰাজনাথ সিং। উগ্ৰপন্থীৰ এই নৰসংহাৰ এতিয়াও পাহৰিব পৰা নাই নিহতৰ পৰিয়াল তথা ৰাইজে। আজি সেই অভিশপ্ত দিনটো স্মৰণ কৰি তেওঁলোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সদৌ অসম  চাওতালী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে। তদুপৰি বিভিন্ন দল-সংগঠন আৰু স্থানীয় ৰাইজৰ সহযোগত সোণাজুলিত প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

বিশেষ বাৰ্তা, বিশ্বনাথ, ২৩ ডিচেম্বৰ :

You might also like