এটা অভাৰত ৫টা উইকেট দখল প্রিয়ন্দনাৰ
এটা অভাৰত পাঁচটা উইকেট দখল৷ অবিশ্বাস্য যেন লাগিলেও এয়াই সত্য৷ আন্তঃৰাষ্ট্রীয় টি–২০ ক্রিকেটত এটা অভাৰত ৫টাকৈ উইকেট দখল কৰি বিশ্বৰ প্রথমজন বলাৰ হিচাপে বিশ্ব অভিলেখ গঢ়িলে ইণ্ডোনেছিয়াৰ জেড প্রিয়ন্দনাই৷
২৮ বছৰীয়া প্রিয়ন্দনাৰ পূর্বে আন কোনো নামি দামী বলাৰে আন্তঃৰাষ্ট্রীয় টি–২০ ক্রিকেটত এই কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হোৱা নাই৷ বালিত চলি থকা আন্তঃৰাষ্ট্রীয় টি–২০ ক্রিকেট প্রতিযোগিতাৰ কম্বোডিয়াৰ বিপক্ষে অনুষ্ঠিত মেচখনত এই নজিৰ গঢ়ে ইণ্ডোনেছিয়াৰ বলাৰগৰাকীয়ে৷
মেচখনৰ ষষ্ঠদশ অভাৰটোত বলিং কৰিবলৈ আহি প্রিয়ন্দনাই বিপক্ষ দলৰ শ্বাহ আব্রাৰ হুছেইন, নির্মল জিৎ সিং আৰু চান্থয়ন ৰতনক আউট কৰি হেট্ট্রিক অর্জন কৰাৰ পিছত অন্তিম দুটা বলত মংদাৰা ছক আৰু পেন ভেনাকক আউট কৰে৷
ইয়াৰ লগে লগে এটা অভাৰত ৫টা উইকেট দখল কৰি বিশ্বৰ প্রথমগৰাকী বলাৰ ৰূপে বিশ্ব অভিলেখ গঢ়ে প্রিয়ন্দনাই৷ অভাৰটোত তেওঁ ৰান খৰচ কৰিছিল মাত্র ১৷ অৱশ্যে প্রিয়ন্দনাৰ পূর্বে টি–২০ ক্রিকেটত দুজন বলাৰে এটা অভাৰত ৫টা উইকেট দখল কৰিছে যদিও দুয়োজনে ঘৰুৱা ক্রিকেটতহে এই নজিৰ গঢ়ে৷ ২০১৩–১৪ চনত বিজয় দিৱস টি–২০ ক্রিকেটত বাংলাদেশৰ আল আমিন হুছেইন আৰু ২০১৯–২০ চনত ছৈয়দ মুস্তাক আলী ট্রফীত কর্নাটকৰ অভিমন্যু মিথুৱে এটা অভাৰত ৫টা উইকেট দখল কৰিছিল৷
ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ