দুলীয়াজানত ৰেলৰ পৰা পৰিল CISF জোৱান, গুৰুতৰভাৱে আহত
দুলীয়াজানৰ ৰেলৱে ষ্টেচনৰ সমীপৰ ৰেল লাইনত পৰি থকা অৱস্থাত এজন CISF জোৱান উদ্ধাৰ কৰা হৈছে। গুৰুতৰভাৱে আহত CISF জোৱানজন ঘৰ ঝাৰখণ্ড ৰাঞ্চিৰ জেকৱ থমাছ মিঞ্জু বুলি জানিব পৰা গৈছে।
কৰ্মসূত্ৰে দুলীয়াজানৰ সুৰক্ষা কলনীত থকা CISFৰ জোৱানজনে মঙ্গলবাৰে ডিব্ৰুগড়ৰ পৰা Bibek Expressৰে ঘৰলৈ গৈ থকা অৱস্থাত কি পৰিস্থিতিত চলন্ত পৰা পৰি যায় এতিয়াও জানিব পৰা নাই।
নিশা ৰেলৱে আৰক্ষীয়ে ৰেল লাইনৰ পৰা গুৰুতৰভাৱে আহত অৱস্থাত উদ্ধাৰ কৰা CISF জোৱানজনক ততালিকে দুলীয়াজানৰ অইল চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰিছে।
ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ