নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশা শোকাৱহ পথ দুৰ্ঘটনাত নিহত দুই বন্ধু

মৰিগাঁও বৰঙাবাৰীত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত ঠাইতে নিহত হয় দুই বন্ধু। দুৰ্ঘটনাটোত ঠাইতে নিহত দুই বন্ধু ক্ৰমে আহঁতগুৰিৰ বিকাশ দাস আৰু কোঁৱৰগাঁৱৰ অনুপম পাতৰ।

দুয়ো যুৱকক বৰঙাবাৰী শিৱ মন্দিৰৰ দেৱালৰ কাষত মৃত অৱস্থাত এখন মটৰচাইকেলৰ সৈতে উদ্ধাৰ কৰে আৰক্ষীয়ে। AS 21 G 6529 নম্বৰ মটৰ চাইকেলখনৰে গৈ থকাৰ অৱস্থাত বৰঙাবাৰী শিৱ মন্দিৰৰ দেৱালত খুন্দা মাৰি দুয়োৰে মৃত্যু হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

ছাতনগুৰি আলিচিঙাত অনুষ্ঠিত হৈ থকা নৈশ ভলীবল খেল চাই থকাৰ অৱস্থাৰ পৰা দুয়ো মটৰচাইকেল লৈ ওলাই আহিছিল বুলি জানিবলৈ দিছে পৰিয়ালে।

ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ

You might also like