১ জানুৱাৰীৰ পৰা বন্ধ ভিষ্টাডোম ৰেলসেৱা
অহা পহিলা জানুৱাৰীৰ পৰা ৰেলৱেৰ নতুন সময় সূচী অনুসৰি মিজোৰামৰ ছাইৰাঙৰ পৰা গুৱাহাটীলৈ ট্ৰেইনখন ৰাতিৰ পৰিবৰ্তে দিনত অহা-যোৱা কৰিব।
আজি ৰেলৱেৰ জাৰী কৰা এটা জাননীত কোৱা হৈছে যে নতুন সময় সূচী অনুসৰি ছাইৰাঙৰ পৰা ট্ৰেইনখন নিতৌ পুৱা ৬ বজাত এৰি সন্ধিয়া ৭.৩০ বজাত গুৱাহাটী পাবহি আৰু গুৱাহাটীৰ পৰা ট্ৰেইনখন পুৱা ৬টাত এৰি সন্ধিয়া ৭.৩০ বজাত ছাইৰাং পাব।
এই সময়সূচীৰ পৰিবৰ্তনৰ লগতে পৰ্যটকসকলৰ বাবে এটা দুঃসংবাদো আছে। ৰেলৱেৰ এই জাননীত কোৱা হয় যে অহা পহিলা জানুৱাৰীৰ পৰা গুৱাহাটী আৰু বদৰপুৰৰ পৰা চলাচল কৰা ভিষ্টাডোম ট্ৰেইনৰ চলাচল স্থায়ীভাবে বন্ধ থাকিব।