শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ ত্ৰয়োবিংশতিতম বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা আজি ৰজাবাহৰত উদুলি-মুদুলি পৰিৱেশত স্থাপন কৰা হয়। সহস্ৰাধিক ভকত-বৈষ্ণৱ, আই-মাতৃৰ উপস্থিতিত গায়ন-বায়ন, হৰিনামৰ ধ্বনিৰে ৰাজাবাহৰৰ সোণাধৰ ৰাজখোৱা আৰু টেপুৰাম কৃষ্ণদাস সমন্বয় ক্ষেত্ৰ মুখৰ হৈ পৰে। বৃহত্তৰ ৰজাবাহৰ অঞ্চলটোৰ সকলো জাতি-জনগোষ্ঠীৰ লোকে স্বতস্ফূৰ্তভাৱে ওলাই আহি কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়।
কাৰ্যসূচীত সংঘৰ তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈ, তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী, সমাজকৰ্মী প্ৰাণ কুৰ্মী আদিয়ে অতিথি হিচাপে উপস্থিতি থাকি ৰাইজৰ সৈতে লাইখুঁটা স্থাপন কৰে। ইয়াৰ পিছতে ৭৬নং ৰজাবাহৰ মিলিত কল্পতৰু প্ৰাথমিক শাখা নামঘৰত এখন মুকলি সভা অনুষ্ঠিত হয়। সংঘৰ তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত আদৰণী ভাষণ প্ৰদান কৰে জিলা শাখাৰ সম্পাদক প্ৰাচুৰ্য প্ৰতিম বৰাই।
সভাত বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা, ঠেঙাল কছাৰী পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰী, সমাজকৰ্মী প্ৰাণ কুৰ্মীৰ লগতে কেইবাগৰাকী অতিথিয়ে ভাষণ প্ৰদান কৰে। সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলাৰ লগতে বিভিন্ন আঞ্চলিক শাখাৰ বিষয়ববীয়া, স্থানীয় দল-সংগঠনৰ বিষয়ববীয়া আদিয়ে অংশগ্ৰহণ কৰে। উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰহোলা আঞ্চলিক শাখাৰ আতিথ্যত ৰজাবাহৰৰ সোণাধৰ ৰাজখোৱা আৰু টেপুৰাম কৃষ্ণদাস সমন্বয় ক্ষেত্ৰত আগন্তুক বৰ্ষৰ ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব জিলা শাখাৰ ২৩ সংখ্যক অধিৱেশনখন।
ইতিমধ্যে বৰহোলা আঞ্চলিক শাখাৰ সভাপতি মহেন্দ্ৰ শইকীয়া, সম্পাদক ৰাজীৱ কুমাৰ গগৈৰ লগতে ডম্বৰুধৰ গগৈক সভাপতি, লোহিত বৰুৱাক কাৰ্যকৰী সভাপতি, উৎপল শইকীয়াক সম্পাদক, ৰজনী হাজৰিকা, দীপক ৰাজখোৱাক যুটীয়া সম্পাদক আৰু কেইবাগৰাকীক উপ-সভাপতি, সহকাৰী সম্পাদক হিচাপে লৈ গঠিক এখন পূৰ্ণাংগ আদৰণী সমিতিয়ে পূৰ্ণোদ্যমে প্ৰস্তুতি অব্যাহত ৰাখিছে। অধিৱেশনত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে সহযোগিতা আগবঢ়াব বুলি আশা ব্যক্ত কৰিছে আয়োজকসকলে।
নিয়মীয়া বাৰ্তা, তিতাবৰ, ২৫ ডিচেম্বৰ :