ক্ৰমাৎ শান্ত হিংসাজৰ্জৰ খেৰণিৰ পৰিস্থিতি, স্পৰ্শকাতৰ এলেকাত ব্যাপক টহল
পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ পিছত লাহে লাহে পৰিস্থিতি এতিয়া স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। শেহতীয়াকৈ কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ অহা নাই যদিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে অঞ্চলটোত বৃহৎসংখ্যক নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। কাৰ্বি জনগোষ্ঠী আৰু বিহাৰী সম্প্ৰদায়ৰ মাজত সৃষ্টি হৈছিল এই হিংসাত্মক পৰিস্থিতি। ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ (ভি জি আৰ) আৰু প্ৰফেচনেল গ্ৰেজিং ৰিজাৰ্ভ (পি জি আৰ)ৰ মাটিৰ পৰাই এই বিবাদৰ উদ্ভৱ হৈছিল। কাৰ্বি জনগোষ্ঠীৰ অভিযোগ অনুসৰি কাৰ্বি আংলঙৰ জনজাতীয় অঞ্চলত হিন্দীভাষী লোকে অবৈধভাৱে মাটি দখল কৰি আছে।
কাৰ্বি আংলঙত বৰ্তমান পৰিস্থিতি শান্ত আৰু কোনো ধৰণৰ হিংসাৰ খবৰ পোৱা হোৱা নাই। অসম আৰক্ষী, ৰেপিড একচন ফৰ্চ, চি আৰ পি এফ আৰু ভাৰতীয় সেনাৰ জোৱানসকলে স্পৰ্শকাতৰ অঞ্চলসমূহত অহৰহ টহল দি আছে।
ইফালে বুধবাৰে নিশা হিংসাত্মক ঘটনাত নিহত দুয়োজন ব্যক্তিৰ অন্ত্যেষ্টিক্ৰিয়া নিজ নিজ ৰীতি-নীতি অনুসৰি কৰা হয়। সুৰেশ দে নামৰ বিশেষভাৱে সক্ষম ব্যক্তিজনৰ মৃতদেহ তেওঁৰ ঘৰ-দোকানৰ পৰা উদ্ধাৰ কৰা হয়। আৰক্ষীৰ গুলীত মৃত্যু হয় কাৰ্বি জনগোষ্ঠীৰ আতিক টিমুঙৰ। কাৰ্বি জনগোষ্ঠীৰ লগতে বিহাৰী, বাঙালী, নেপালী জনগোষ্ঠীৰ লোকৰ বাসস্থান খেৰণি অঞ্চল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।
উল্লেখযোগ্য যে কাৰ্বি জনগোষ্ঠীৰ একাংশ লোকে ভি জি আৰ আৰু পি জি আৰৰ মাটিৰ পৰা অবৈধ বসতি আঁতৰোৱাৰ দাবীত বিগত ১৫ দিন ধৰি অনশন কৰি আহিছে। সোমবাৰে পুৱাৰ ভাগত আৰক্ষীয়ে তিনিজন প্ৰতিবাদকাৰীক আঁতৰাই নিয়াৰ পিছতে পৰিস্থিতি হিংসাত্মক হৈ পৰে। প্ৰশাসনে তেওঁলোকক চিকিৎসাৰ বাবে লৈ যোৱা বুলি জানিবলৈ দিয়ে। মঙলবাৰে খেৰণি অঞ্চলত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়, ফলত এজন লোকৰ মৃত্যু হয়, আন এজন লোক জীৱন্তে অগ্নিদগ্ধ হোৱাৰ লগতে ৬০জনৰো অধিক আৰক্ষীকে ধৰি ৭০জনতকৈ অধিক লোক আহত হয়।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশৰ আদেশৰ বাবে বেদখল আঁতৰোৱাৰ দাবী শীঘ্ৰে কৰিব পৰা নাযায় ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় সেনাৰ এটা দল মোতায়েন কৰা হৈছে আৰু লগতে হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত অঞ্চলসমূহত ফ্লেগ মাৰ্চ কৰা হৈছে।
ডিজিটেল ডেস্ক, ২৫ ডিচেম্বৰ