আলফা (স্বাঃ)ৰ নতুন কেন্দ্ৰীয় সমিতি গঠন, সভাপতিৰ দায়িত্বত পৰেশ অসম
“সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)”ৰ নতুন কেন্দ্ৰীয় সমিতি গঠন কৰা হৈছে। এক বিবৃতিযোগে সংগঠনৰ তৰফৰ পৰা জনায় যে সাম্প্ৰতিক প্ৰেক্ষাপটত সকলো দিশ পৰ্যালোচনাৰ অন্তত অত্যন্ত প্ৰয়োজনীয় আৰু প্ৰাসংগিক বুলি বিবেচনা কৰি সংগঠনৰ উচ্চতম, উচ্চ আৰু নিম্ন পৰিষদ কেউখন ভঙ্গ কৰি আন এক নতুন অৱকাঠামো অন্তৰ্ভুক্তিৰে সংগঠনৰ কেন্দ্ৰীয় সমিতিখন সৰ্বসন্মতিক্ৰমে পুনৰ গঠন কৰা হয়।
নতুন কেন্দ্ৰীয় সমিতি গঠন অনুসৰি জেনেৰেল পৰেশ অসমক সভাপতিৰ দায়িত্ব দিয়া হৈছে। বিপৰীতে মৈত্ৰী অসমক সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হৈছে।
ইফালে মেঃ জেঃ মাইকেল অসমক উপ-সভাপতি, পৰমা অসমক সাংস্কৃতিক সম্পাদক, ব্ৰিগেডিয়াৰ মানিক অসমক সহকাৰী বিত্ত সম্পাদক, কৰ্ণেল মিনতি অসমক মহিলা কল্যাণ সম্পাদিকা, মিল্টন অসমক সাংগঠনিক সম্পাদকৰ দায়িত্ব দিয়া হৈছে।
লগতে লেঃ কৰ্ণেল চিদা অসমক কৃষি আৰু আশ্ৰয়স্থল উন্নয়ন সম্পাদক, লেঃ কৰ্ণেল ৰিবেল অসমক পৰিষদীয় উন্নয়ন সম্পাদক, কৰ্ণেল প্ৰবুদ্ধ অসমক সম্পাদক জনস্বাস্থ্য আৰু সহঃ বৈদেশিক সম্পাদক (বিশেষ ক্ষেত্ৰ), মেজৰ অভিমন্যু অসমক সহকাৰী বিত্ত সম্পাদকৰ দায়িত্ব দিয়া হৈছে।
আনহাতে মেজৰ ছানছান অসমক সহকাৰী সাংস্কৃতিক সম্পাদিকা, মেজৰ নিৰ্ণয় অসমক ভাৰপ্ৰাপ্ত প্ৰচাৰ সম্পাদক আৰু সহঃ বিত্ত সম্পাদক, কেপ্তেইন নিৰ্জন অসমক সহকাৰী সাংগঠনিক সম্পাদক, কেপ্তেইন সোনটি অসমক সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে।
ইফালে কেপ্তেইন অচ্যুৎ অসমক সহকাৰী সাধাৰণ সম্পাদক, লেঃ চয়ন অসমক সহকাৰী বিত্ত সম্পাদক, ২য় লেঃ চাইনা অসমক কৃষি আৰু আশ্ৰয়স্থল উন্নয়ন সম্পাদক, ২য় লেঃ তগৰ অসমক হিচাপ পৰীক্ষক সম্পাদক (বিত্ত বিভাগ)ৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
আনহাতে ২য় লেঃ আস্থা অসমক সহকাৰী সাংগঠনিক সম্পাদিকা, ২য় লেঃ যোগ্য অসমক সহকাৰী সাংস্কৃতিক আৰু সহঃ বিত্ত সম্পাদক, ২য় লেঃ অনন্ত অসমক সহকাৰী সাংস্কৃতিক সম্পাদক, ২য় লেঃ অনুৰণন অসমক সহকাৰী প্ৰচাৰ সম্পাদক, পিটিই. শিখা অসমক সহকাৰী মহিলা কল্যাণ সম্পাদিকাৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ