অৱশেষত বাতিল হ’ল উইম্বলডন
নিয়মীয়া বাৰ্তা ২ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ বাবে অৱশেষত বাতিল কৰিবললগীয়া হ’ল সন্মাননীয় গ্ৰেণ্ডশ্লাম উইম্বলডন। অল ইংলেণ্ড লন টেনিছ ক্লাবৰ এক বিবৃতিত এই কথা সদৰী কৰা হৈছে। সমগ্ৰ বিশ্বতে ক’ৰোনা ভাইৰাছে মহামাৰীৰ ৰূৰ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত অহা ২৯
জুনৰ পৰা ১২ জুলাইলৈকে চলিবলগীয়া উইম্বলডন টেনিছ প্ৰতিযোগিতাখনত স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে এ ই এল টি চিয়ে। উল্লেখ্যে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰথমবাৰৰ বাবে গ্ৰাছক’ৰ্ট গ্ৰেণ্ডশ্লামখন বাতিল হয়।