বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নির্বাচনী পৰিৱেশ গঢ় লৈ উঠিছে কেৰালাত৷ এনে এটা পৰিস্থিতিত পুনৰ শিৰোনামলৈ আহিছে সবৰীমালা মন্দিৰ৷ ৬ বছৰ পূর্বে কেৰালাৰ বিখ্যাত আয়াপ্পা মন্দিৰৰ চাৰি কেজি ওজনৰ সোণ চুৰি হোৱা ঘটনাত এইবাৰ কংগ্রেছ দলৰ প্রাক্তন সর্বভাৰতীয় সভানেত্রী ছোনিয়া গান্ধীৰ নাম জড়িত কৰিলে চিপিআই–এমে৷
ৰাজ্যখনৰ স্বয়ং মুখ্যমন্ত্রী পিনাৰায় বিজয়নে অভিযোগ কৰে যে সবৰীমালাৰ সোণ চুৰিৰ মূল অভিযুক্তৰ সৈতে নিয়মিতভাৱে যোগাযোগত আছিল কংগ্রেছ নেত্রীগৰাকী৷ আনকি সেইসকলৰ সৈতে তেওঁৰ ছবিও আছে৷
উল্লেখযোগ্য যে সবৰীমালাৰ সোণ চুৰিৰ ঘটনা ২০১৯ চনৰ৷ সেই সময়ত মন্দিৰৰ বিগ্রহ আৰু দুৱাৰৰ সোণৰ আৱৰণ মেৰামতিৰ বাবে এইবোৰ তামিলনাডুলৈ লৈ যোৱাৰ সময়ত প্রায় চাৰি কেজি সোণ উধাও হয়৷ বিজয়নে মন্তব্য কৰে যে কটকটীয়া নিৰাপত্তাৰ মাজত থকা ছোনিয়া গান্ধীক বৰ বৰ নেতায়ো সাক্ষাৎ কৰা টান যদিও সোণ চুৰিৰ গোচৰত অভিযুক্তই কিদৰে সাক্ষাতৰ অনুমতি পালে৷
ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ :