বহিঃৰাজ্যত ২০ দিন ধৰি নিৰুদ্দেশ মৰিগাঁৱৰ ৩ লোক
বহিঃৰাজ্যলৈ কামৰ সন্ধানত যোৱা ৩জন লোক ২০ দিন ধৰি নিৰুদ্দেশ হৈ থকাৰ এক ঘটনা পোহৰলৈ আহিছে। মৰিগাঁও জিলাৰ ভূৰবন্ধা অঞ্চলৰ বৰবিলাৰ ৫জন যুৱক একেলগে গৈছিল দিল্লীলৈ৷
কিন্তু মাজবাটতে একেলগে যোৱা ৰিতু ইংতি, চিনো ইংতি আৰু অভিনিত কোঁৱৰ দিল্লী পোৱাৰ পূৰ্বে আলিগড় নামৰ এটা ষ্টেচনত নামি গৈছিল। ট্ৰেনৰ পৰা সেই নামি যোৱাৰ পিছত এবাৰ ঘৰলৈ এটা ফোন নম্বৰেৰে ঘৰলৈ ফোন কৰি ঘৰলৈ উভতি যাবলৈ পইচা বিচাৰি ১৫০০ টকা লৈছিল৷
ইয়াৰ পিছৰে ব্যক্তিকেইজনৰ পৰা কোনো যোগাযোগ নাই ঘৰৰ লগত৷ পৰিয়ালৰ লোকে লগত যোৱা বাকীসকলৰে যোগাযোগ কৰি বৰ্তমানলৈ কোনো সঁহাৰি পোৱা নাই৷ এই তিনিজন লোকৰ সন্ধানৰ ক্ষেত্ৰত এতিয়া পৰিয়াল তথা স্থানী ৰাইজে আৰক্ষীৰ সহায় বিচাৰিছে।
অন্যহাতে ব্যক্তিকেইজন সুকলমে ঘৰলৈ আহিবলৈ ঘৰত নাম কীৰ্তন কৰিছে পৰিয়ালে।
ডিজিটেল ডেস্ক, ২৬ ডিচেম্বৰ