অসমত এতিয়া আন্দোলন নহয়, কেৱল বিকাশহে হয় : গৃহমন্ত্ৰী
আজি বটদ্ৰৱাত শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ মুকলি কৰি বৃহৎ জনসভা সম্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ভাষণৰ আৰম্ভণিতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনাই গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিগত সময়ত বেদখলৰ গ্ৰাসত থকা গুৰুজনাৰ পৱিত্ৰ জন্মস্থানত আজি এক ভব্য আৰু ঐতিহাসিক প্ৰকল্প গঢ় লৈ উঠিছে, যি অসমবাসীৰ বাবে আনন্দ আৰু গৌৰৱৰ বিষয়।
নিজৰ ভাষণত অমিত শ্বাহে কয়, বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ দ্বাৰ উন্মোচন কৰিব পৰাটো তেওঁৰ বাবে পৰম সৌভাগ্য। সমগ্ৰ উত্তৰ-পূব ভাৰততে গুৰুজনাই ধৰ্ম আৰু সংস্কৃতিৰ আলোক জ্বলাই গৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰদোৱাৰ পৰা নৱবৈষ্ণৱ ধৰ্মৰ নৱজাগৰণ আৰম্ভ হৈছিল আৰু বটদ্ৰৱা আগন্তুক ৫০০ বছৰলৈ অসমীয়া ঐতিহ্যৰ জীৱন্ত প্ৰতীক হৈ থাকিব।
অমিত শ্বাহে গোপীনাথ বৰদলৈৰ অৱদান স্মৰণ কৰি কয়, বৰদলৈ নাথাকিলে অসম ভাৰতৰ অংগ হৈ নাথাকিলহেঁতেন। তেওঁৰ বাবেই অসম ভাৰতৰ সৈতে অটুট হৈ থাকিল। লগতে তেওঁ কয়, এই প্ৰকল্পৰ ভূমি পূজন নিজেই কৰিছিল আৰু আজি সেই প্ৰকল্প মুকলি কৰাৰ সৌভাগ্যও তেওঁৰেই হৈছে।
গৃহমন্ত্ৰীগৰাকীয়ে কয়, বৰদোৱা অসমীয়া সত্তাৰ জীৱন্ত প্ৰতীক। এই সাংস্কৃতিক প্ৰকল্পই অসমীয়া সংস্কৃতি আগবঢ়াই নিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা ল’ব। শংকৰদেৱৰ জন্মস্থানত এক সময়ত অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি চলিছিল বুলি উল্লেখ কৰি অমিত শ্বাহে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰদোৱাক বাংলাদেশী-মুক্ত কৰিছে। কাজিৰঙাতো উচ্ছেদ অভিযান চলোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে আৰু অসম ভূমি সম্পূৰ্ণৰূপে বাংলাদেশী-মুক্ত কৰাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰে।
নিজৰ ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয়, ‘‘এই দহ বছৰ অসম আৰু উত্তৰ-পূবৰ বিকাশৰ বাবে স্বৰ্ণযুগ। বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৩৬বাৰ অসমলৈ আহিছে। মোদীৰ নেতৃত্বত উত্তৰ-পূবত শান্তি প্ৰক্ৰিয়া তৰান্বিত হৈছে। লাচিত বৰফুকনক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি দিয়া, গামোচাক GI টেগ প্ৰদান কৰা আদি বহু ঐতিহাসিক কাম বিজেপি চৰকাৰেই কৰিছে। অসমৰ বিকাশৰ বাবে মোদীয়ে ১৫ লাখ কোটি টকা আগবঢ়াইছে।’’
অসমত এতিয়া আন্দোলন নহয়, কেৱল বিকাশ হয় বুলি মন্তব্য কৰি অমিত শ্বাহে কংগ্ৰেছে ভোটবেংকৰ স্বাৰ্থত অসমীয়া সংস্কৃতি ধ্বংস কৰাৰ অভিযোগ তোলে।
এই অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে এক সময়ত অচিনাকি লোকসকলে বটদ্ৰৱাৰ পৱিত্ৰ মাটি দখল কৰি আছিল, যাক চৰকাৰে উচ্ছেদ কৰিছে। আৱিৰ্ভাৱ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন, চিন্তা আৰু সৃষ্টিৰাজি সম্পৰ্কে আলোচনা হ’ব বুলি তেওঁ উল্লেখ কৰে। লগতে মুখ্যমন্ত্ৰীয়ে কয়, ‘‘আমাৰ গুৰু শংকৰদেৱ-মাধৱদেৱ। সূৰ্য-চন্দ্ৰ থকালৈকে গুৰু দুজনাৰ আদৰ্শ জীয়াই থাকিব।’’