নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় পাটকাই ট্ৰফীত ডেকা ব্ৰাডাৰ্ছ চূড়ান্ত বিজয়ী

বিজয়ী দলে স্বৰ্গীয় নিকেন গোহাঁই সোঁৱৰণী ট্ৰফী আৰু নগদ ২৫০০০ টকা লাভ কৰাৰ বিপৰীতে বিজিত দলে লাভ কৰে ট্ৰফী আৰু নগদ ১৫০০০ টকা

পাটকাই ট্ৰফী প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতা (দ্বিতীয় সংস্কৰণ)ত ক্ৰমাগত দ্বিতীয় বাৰৰ বাবে চূড়ান্ত বিজয়ীৰ খিতাপ অর্জন কৰিছে ডেকা ব্ৰাডাৰ্ছ একাদশে। নাহৰকটীয়া মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত চূড়ান্ত খেলখনত দলটোৱে নাহৰকটীয়া বিধায়ক একাদশক ১৯ পৰাজিত কৰে।

উল্লেখযোগ্য যে নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ আৰু জয়পুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন ৰংপাইয়ে উদ্বোধন কৰা খেলখনত বিধায়ক একাদশৰ অধিনায়ক তৰঙ্গ গগৈয়ে টচত জিকি ডেকা ব্ৰাডাৰ্ছ দলক বেটিঙৰ বাবে আমন্ত্ৰণ জনোৱাত ডেকা ব্ৰাডাৰ্ছ দলৰ সুৰজ দৰ্জীৰ ১১টা বলত ৪৩ আৰু সন্দ্বীপ উপ্পৰাপল্লীৰ ১৬টা বলত ৪৩ ৰাণৰ বিধ্বংসী বেটিঙৰ সহায়ত নিৰ্ধাৰিত ৮ অভাৰত ৩টা উইকেটৰ বিনিময়ত ১৪৫ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়। বলিঙত বিধায়ক একাদশৰ মুন শইকীয়াই ২০ ৰাণৰ বিনিময়ত ৩ টা উইকেট দখল কৰে।

ইয়াৰ প্ৰত্যুত্তৰত বিধায়ক একাদশে নিৰ্ধাৰিত ৮ অভাৰত দীপাংকৰ ৰাইডিঙিয়া ১০টা বলত ৪২ আৰু মনোৰম চেতিয়াৰ ১৫টা বলত ৩২ ৰানৰ সহায়ত ৩টা উইকেট হেৰুৱাই ১২৬ ৰান কৰি ১৯ ৰাণত পৰাজয় স্বীকাৰ কৰে। বিজয়ী দলৰ হৈ উৎপল ডেকাই ২৩ ৰাণৰ বিনিময়ত ২ টা উইকেট লাভ কৰে।

উল্লেখযোগ্য যে ডেকা ব্ৰাডাৰ্ছ দলৰ দিৱিজ শেনচোৱাই প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু শ্ৰেষ্ঠ বেটাৰৰ বঁটা লাভ কৰাৰ বিপৰীতে পাটকাই একাদশৰ ৰঞ্জন তন্তবাইয়ে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বলাৰ, ঔগুৰি একাদশৰ জুৱেল তিৰ্কীয়ে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ কেচ আৰু ডেকা ব্ৰাডাৰ্ছৰ সুৰজ দৰ্জীয়ে চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে।

আনহাতে স্বৰ্গীয় ভানী দেৱী চৌধুৰীৰ সোঁৱৰণত প্ৰদান কৰা শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ বঁটা লাভ কৰে টিচাৰ্ছ একাদশে। খেলৰ শেষত বঁটা সমূহ বিতৰণ কৰে বিধায়ক তৰঙ্গ গগৈ, নাহৰকটীয়া সম জিলাৰ সহকাৰী আয়ুক্ত সেউজ সজীৱ নাথ, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জ্যোতিপ্ৰসাদ কোঁৱৰ, এক্লেট গোহাঁই, দিগন্ত খনিকৰ, ধীৰাজ দাস, প্ৰাঞ্জল ভূঞা, সাজন চৌধুৰী, ৰাজীৱ সিং আৰু পংকজ দত্তই। বিজয়ী দলে স্বৰ্গীয় নিকেন গোহাঁই সোঁৱৰণী ট্ৰফী আৰু নগদ ২৫০০০ টকা লাভ কৰাৰ বিপৰীতে বিজিত দলে লাভ কৰে ট্ৰফী আৰু নগদ ১৫০০০ টকা।

বিশেষ বার্তা, নাহৰকটীয়া, ২৯ ডিচেম্বৰ

You might also like