নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

AIIMS ৰ চিকিৎসক দম্পতিৰ দেহত ক’ৰোনা, চিকিৎসক পত্নী আছিল ন মাহৰ অন্তঃসত্তা-

নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ দেশত তীব্ৰগতিত বৃদ্ধি পাইছে ক’ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা । পিচে নিজৰ জীৱনকো তুচ্ছ কৰি এনে সংকটকালত চিকিৎসা সেৱা আগবঢ়াই অহা চিকিৎসকসকলো এতিয়া এই মাৰাত্মক ক’ৰোনাৰ পৰা ৰক্ষা নপৰাত তেওঁলোকৰ জীৱন বিপন্ন হৈ পৰিছে ।

বৃহস্পতিবাৰে এইমছৰ চিকিৎসক দম্পতিৰ দেহত ক’ৰোনা পজিটিভ পোৱা যায় । উল্লেখ্য যে এইমছৰ এজন জ্যেষ্ঠ চিকিৎসকৰ দেহত বৃহস্পতিবাৰে পুৱাৰ ভাগত ক’ৰোনাৰ অৱস্থিতি ধৰা পৰাৰ পাছত সন্ধিয়াৰ ভাগলৈ তেওঁৰ চিকিৎসক পত্নীও ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহে ।

ইপিনে এই মহিলা চিকিৎসকগৰাকী ন মাহৰ অন্তঃসত্তা বুলি জানিব পৰা গৈছে । আৰু তেওঁ জৰুৰীকালিন সেৱাৰ দায়িত্বত নিয়োজিত হৈ আছিল ।

You might also like