অৰুণাচলৰ পজিটিভ লোকজন তিনিচুকীয়া হৈ উইংগাৰেৰে গৈছিল নামচাইলৈ
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ ক’ৰোনাৰ অভিকেন্দ্ৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা অসমলৈ অহা ১৬ জনকৈ লোকৰ দেহত ক’ৰোনাৰ অৱস্থিতি পোৱাৰ পাছতে বৃহস্পতিবাৰে তাৰ পৰা অহা অৰুণাচল প্ৰদেশৰ আন এজন লোকৰ দেহতো ক’ৰোনা পজিটিভ পোৱা যায় । যাৰ পাছতেই এই লোকজনক অৰুণাচল প্ৰশাসনে ৰাজ্যখনৰ প্ৰথমজন ক’ৰোনাত আক্ৰান্ত লোক ৰূপে ঘোষণা কৰে ।
সূত্ৰমতে এই লোকজনে অৰুণাচলৰ আন ৬ জন লোকৰ সৈতে নিজামুদ্দিন মাৰ্কাজৰ ধৰ্মীয় অনুষ্ঠাত অংশ লৈছিল । তাৰপাছত ১৯ মাৰ্চত দিল্লীৰ পৰা ব্ৰহ্মপুত্ৰ মেইল যোগে আহি তিনিচুকীয়াত নামি এখন উইংগাৰেৰে নামচাইলৈ গৈছিল । ইপিনে নামচাইৰ এটা মছজিদত নিশা কটাই ২০ মাৰ্চৰ পুৱাহে নিজ গৃহলৈ ৰাওনা হয় ।
পৰৱৰ্তীসময়ত লোকজন অসুস্থ হৈ পৰাত তেজু চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । পাছত তেওঁৰ তেজৰ নমুনা লাহোৱালস্থিত পৰীক্ষাগাৰলৈ প্ৰেৰণৰ পাছতে তেওঁ ক’ভিড-১৯ ত আক্ৰান্ত বুলি পোহৰলৈ আহে । বৰ্তমান তেওঁৰ পৰিয়ালকো আইচ’লেছনত ৰখা হৈছে ।