নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৱবৰ্ষৰ প্ৰথমটো দিনতে অভয়াপুৰীত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ শুভাৰম্ভ

ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতে অভয়াপুৰীত হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ কামৰ শুভাৰম্ভ কৰা হয়। জুবিন গাৰ্গ সাংস্কৃতিক মঞ্চৰ উদ্যোগত এই উপলক্ষে আজি অভয়াপুৰী পৌৰসভাৰ শিশু উদ্যানত আয়োজন কৰা এক অনুষ্ঠানত প্ৰতিমূৰ্তি নিৰ্মাণৰ আধাৰশিলা কৰে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱেশ ৰায়ে।

আধাৰশিলা স্থাপন কৰি পৰিষদৰ অধ্যক্ষগৰাকীয়ে কয় যে জুবিন গাৰ্গক আমি জীয়াই ৰাখিবলৈ তেওঁৰ কৰ্মৰাজি, গীত, গীতৰ কথা মন-মগজুত সোমাই ৰাখিব লাগিব। আনহাতে, তেওঁৰ প্ৰতিমূৰ্তিয়ে আমাক আমাৰ দায়িত্ব আৰু কৰণীয় সম্পৰ্কে সোঁৱৰাই দিব। তেওঁ অভয়াপুৰীৰ ৰাইজে লোৱা এই কাৰ্যক প্ৰশংসা, সন্মান আৰু ধন্যবাদ জনায়। হিয়াৰ আমঠু, অসম তথা ভাৰতবৰ্ষৰ সম্পদ জুবিন গাৰ্গক হেৰুওৱা ২০২৫ বৰ্ষটোক অতি বেদনাদায়ক বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে জুবিন গাৰ্গৰ অভাৱ কাহানিও পূৰণ নহ’ব, কিন্তু আমাৰ মাজত সদায় জীয়াই থাকিব। তেওঁ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে কে এ ই চিৰ তৰফৰ পৰা ৫ লাখ টকা দিয়াৰ কথা ঘোষণা কৰে।

ৰিতু কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানটোত জুবিন গাৰ্গ সাংস্কৃতিক মঞ্চৰ সভাপতি তপন দাস, কাৰ্যকৰী সভাপতি উজ্জ্বল কান্তি ৰয়, ষ্টেট বেংক, অভয়াপুৰী শাখাৰ পৰিচালক বিনয় কমল দত্ত আদিয়ে বক্তব্য ৰাখে। ইয়াৰ পূৰ্বে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আনহাতে, অনুষ্ঠানতে জুবিন গাৰ্গৰ মায়াবিনী গীতটি উপস্থিতসকলে সমস্বৰে পৰিৱেশন কৰে।

নিয়মীয়া বাৰ্তা, অভয়াপুৰী, ১ জানুৱাৰী :

You might also like